পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
স্পন্দন


বলোঁ তেনে আঁকাৰ ধাৰণ কৰিছে। কলহটো যদি লাহে লাহে কঁপোৱা যায় তেনেহলে ঢৌবিলাক দীঘল দীঘল হয় আৰু খৰকৈ কঁপালে ঢৌবিলাক চুটি চুটি হয়।

 এইদৰে বেহেলাৰ তাঁৰ এডাল জোকাৰি দিলে সি কঁপিব ধৰিব আৰু তাৰ ওচৰত থকা বতাহক কঁপাই দিয়া বাবে বতাহতো পানীৰ নিচিনা এক ৰকম ঢৌ উৎপন্ন হব। এই ঢৌয়ে আহি আমাৰ কাণত সোমাই কাণৰ ভিতৰত থকা এক ৰকম পাতল ছাল কঁপাই দিলে আমি শব্দ অনুভব কৰোঁ। বতাহৰ ঢৌবিলাক যদি চুটি চুটি হয়, তেনেহলে আমাৰ কাণত এক ৰকম সুৰৰ আৰু যদি দীঘল দীঘল হয় তেনেহলে আন ৰকম সুৰৰ অনুভূতি হয়। ঢৌ চুটি হলে আমি যেনে শুনোঁ তাক চৰা সুৰ বোলোঁ। বেহেলাৰ তাঁৰডাল টানি পকাই দিলে তাৰ স্পন্দন খৰ হয় আৰু সেই দেখি সুৰো চৰা হয়, আৰু যদি তাঁৰডাল ঢিলাই দি বজোৱা যায় তেনেহলে সুৰ খাদ হৈ পৰে। প্ৰত্যেক শব্দ-ওলোৱা যন্ত্ৰৰে মূল কাৰণ হৈছে স্পন্দন। স্পন্দন নহলে শব্দৰ উৎপত্তি হব নোৱাৰে আৰু সেই স্পন্দনৰ ঢৌ-বহনকাৰী বতাহ বা বতাহৰ নিচিনা আৰু পদাৰ্থ নাথাকিলেও আমি শব্দ শুনিবলৈ নাপাওঁ। সূৰ্য্য বা আন গ্ৰহত যদি কিবা শব্দ হৈছে আমাৰ শুনিবৰ উপায় নাই; কাৰণ সূৰ্য্য আৰু পৃথিবীৰ মাজত সংযোগকাৰী বায়ু নাই।

 আমি দেখিছো, যে কোনো এটা বস্তু লৰাই দিলে বতাহত পানীৰ নিচিনা ঢৌ উৎপন্ন হয় আৰু সেই ঢৌ গৈ কাণত সোমালে আমি এক প্ৰকাৰ অনুভৱ কৰোঁ, তাকে আমি শব্দ শুনা বোলোঁ।