পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
আকবৰ

ইউৰোপৰ ফালে এওঁৰপৰা আওৰঙ্গজেব বাদচাহলৈকে এই চাৰিজনাক “গ্ৰেট মোগল” বুলি কয়; আৰু এওঁলোকে ১৫৫৬ খ্ৰষ্টাব্দৰপৰা ১৭০৭ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। এওঁ যি প্ৰণালীত ৰাজ্য শাসন কৰিছিল, এওঁৰ বংশধৰসকলে সেই প্ৰণালী ধৰা হলে মোগল ৰাজত্বৰ পতন সিমান শীঘ্ৰে নহলহেঁতেন।

 বৰ দুখৰ কথা, যে আকবৰে শেহ কালত ৰাজকুমাৰ- সকলৰপৰা বেজাৰ পাইছিল। চেলিম বৰ কানীয়া আৰু মদপী আছিল। এওঁ বিদ্ৰোহী হৈ বৰ দৌৰাত্ম্য কৰিছিল। পাচে পৰাস্ত হৈ বাপেকৰ শৰণাগত হলত ক্ষমা কৰিলে। দ্বিতীয় পুত্ৰ মোৰাদ চান্দবিবিৰ লগত যুদ্ধ কৰি থাকোঁতে ১৫৯৯ চনত মৰা পৰে আৰু তৃতীয় ডানীয়েলে অতিৰিক্ত সুৰাপান কৰি ভৱ-লীলা সামৰে। আকবৰ ১৬০৫ চনত স্বৰ্গী হয়। কবলৈ গলে আকবৰৰ মৃত্যুৰ পাচৰপৰাই মুছলমান আৰু ৰাজপুতবিলাকৰ ভিতৰত ক্ৰমে বৈৰী ভাব বৃদ্ধি হবলৈ ধৰি শেষত মোগল ৰাজত্বৰ অন্ত হৈছে।

 আকবৰ সুশ্ৰী, দীঘল, বলিষ্ঠ আৰু তেজ-গোঁৰা আছিল। হয়-হস্তী যান-বাহনাদি অসংখ্য থাকোঁতেও তেওঁ খোজ কাঢ়ি ফুৰিবলৈ ভাল পাইছিল; আৰু দিনে ৩০ মাইল খোজ কাঢ়িও ক্লান্তি বোধ নকৰিছিল। মুছলমান ৰজাসকলৰ ভিতৰত আকবৰক হে হিন্দুলোকে “দিল্লীশ্বৰো বা জগদীশ্বৰো বা” কথা প্ৰযোগ কৰিছিল।