এওঁ গোৱানগৰৰপৰা কাথলিক মিচনাৰি চাহাব লোকক আগ্ৰালৈ নিমন্ত্ৰণ কৰি আনি অতি সমাদৰে সোধ-পোছ কৰি গিজ্জাঘৰ সাজিবলৈ আজ্ঞা দিয়ে আৰু মৰীয়চ্ অৰ্থাৎ মেৰী নামে ইউৰোপীয় মহিলাৰ পাণিগ্ৰহণ কৰে। এই মৰীয়চ্ বুৰঞ্জীত মুনিবেগম বুলি খ্যাত হল। এওঁৰ ফতেহপুৰৰ ৰাজবাটী আজিপৰিমিত বৰ্ত্তমান আছে। আকবৰে নিযুক্ত কৰা ইংৰাজ কেইজনৰ ভিতৰত কোনো এজনে আকবৰৰ বিষয়ে এইদৰে লিখিছে—“আকবৰ দৰিদ্ৰ প্ৰজাৰ প্ৰতি দয়ালু আৰু অনুগ্ৰহশীল আছিল। তেওঁ পৰিমিতাহাৰী আছিল আৰু মাদক দ্ৰব্য সেৱন নকৰিছিল। সকলো গোচৰ তেওঁ নিজে পোছ কৰিছিল। তেওঁৰ অজ্ঞাতসাৰে কোনো জগৰীয়াক দণ্ড দিয়া নিষেধ আছিল। তেওঁ বৰ মৃগযাপ্ৰিয় আছিল, আৰু সকলোবিধৰ খেল-তামচা ভাল পাইছিল। তেওঁ কেতিয়াবা কেতিয়াবাহে মাংস ভোজন কৰিছিল; সাধাৰণতঃ ভাত, গাখীৰ আৰু মিষ্টান্ন হে খাইছিল। তেওঁ লৰাৰ * আৰু ছোৱালীৰ চৈধ্য বছৰৰ পূৰ্ব্বে বিবাহ হবলৈ নিদিছিল। দি* বিধবাক পুনৰ্ব্বিবাহ কৰিবলৈ অনুমতি দিছিল। ”
ইংলণ্ডত আলফ্ৰেড ৰজাক প্ৰজাবোৰে যিদৰে ভাব কৰিছিল, ভাৰতবৰ্ষতে মুছলমান ৰজাসকলৰ ভিতৰত আকবৰক সকলো শ্ৰেণীৰ প্ৰজাই সেইদৰে ভাব কৰিছিল। আকবৰ ইংলণ্ডেশ্বৰী এলিজেবেথৰ সমকালীন ৰজা আছিল। কুমাৰী ৰাণীৰ দিনত ইংলণ্ডৰ যশ যেনেকৈ চাৰিওফালে বৈছিল, আকবৰৰ দিনতো তেনেকৈ মোগলবংশৰ সৌভাগ্য-তপনৰ ভৰ দুপৰ হৈছিল।