পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সাহিত্য

অপমান-আশঙ্কা কৰি লৰা-ছোৱালী সমন্বিতে জ্বলা জুইত জাপ দি পুৰি মৰিল। অন্যপিনে পুৰুষবিলাকে হাতত তৰোৱাল উলিয়াই লৈ শত্ৰু-ব্যূহ ভেদ কৰি আৰাৱলী পৰ্ব্বতত উদয়পুৰ নগৰ স্থাপন কৰিলে গৈ। এনে নিৰ্ভীক বীৰোচিত কাৰ্য্যৰ বাবে ৰাজপুত জাতিয়ে উদয়পুৰ বা মেৱাৰৰ ৰাণাক সবিশেষ সম্মান কৰে আৰু অন্যান্য ৰাজপুত ৰাজন্যবৰ্গে তেওঁৰ লগত মিতিৰ পাতি নিজ নিজ বংশগৌৰৱ বঢ়াবৰ নিমিত্তে যৎপৰোনাস্তি চেষ্টা কৰে। আকবৰে এই প্ৰধান ৰাণাৰ স্থান অধিকাৰ কৰিবৰ মনেৰে ধৰ্ম্মৰ প্ৰতিকূলাচৰণলৈ পিঠি দি ৰাজপুতকুমাৰী বিবাহ কৰিছিল। যদিওবা তেজস্বী ৰাজপুত লোকে চিতোৰ নগৰ এৰি দি তাত শ্বাপদ জন্তুৰ বাসস্থান কৰাইছিল, তথাপি প্ৰৱল প্ৰতাপী মোগলসম্ৰাটক উদয়পুৰৰ ৰাজকুমাৰী দিবলৈ নহল বুলি ভীমসেনৰ বংশধৰসকলে আজি পৰিমিত গপ কৰে।

 হিন্দুৰাজকুমাৰী বিয়া কৰাৰপৰা আকবৰৰ ধৰ্ম্মমতত অনেক বিভ্ৰাট ঘটিছিল; কাৰণ তেওঁ হিন্দু ৰাণীসকলক তেওঁলোকৰ ধৰ্ম্ম অনুসৰণ কৰিবলৈ দি বিশেষ উদাৰ ভাব দৰ্শাইছিল। তেওঁ ধৰ্ম্ম বিষয়ে তৰ্ক-বিতৰ্ক শুনিবলৈ ভাল পাইছিল, আৰু সেইবোৰ তৰ্ক নীৰলে বিচাৰ কৰাৰ ফলত তেওঁৰ ধৰ্ম্ম বিষয়ে সাম্যভাব উপস্থিত হৈছিল; মাথোন দেখনীয়াৰ কৰি হে তেওঁ পিতৃ পিতামহৰ ধৰ্ম্ম ৰাখিছিল। তেৰ শতাব্দীত জেঙ্গিচখাঁৰ পৌত্ৰ কুব্লাই খাঁই ভেনিচৰ প্ৰসিদ্ধ পৰিব্ৰাজক মাৰ্কোপলক অতি সমাদৰেৰে পেসাোধ পোছ কৰি তেওঁৰ আগত থিবীৰ প্ৰধান ধৰ্ম্মপ্ৰচাৰক