বহুত মানুহে সৰুতে দুখত পৰি যি শিক্ষা পায় সেই শিক্ষা সুসময় আহি পাওঁতেই পাহৰি যায়; কিন্তু আকবৰত সেই শিক্ষাই সুফল ফলালে। এওঁ দুদল সৈন্য সুশিক্ষিত কৰি ৰাখিছিল—এদল ৰাজপুত আৰু এদল মোগল। মোগল সেনাৰ ওপৰত পাৰস্য দেশৰ বিষয়া আৰু ৰাজপুত সেনাৰ ওপৰত ৰাজপুত ৰজা আৰু উপযুক্ত তলতীয়া জাইগীৰদাৰ সকলক নিযুক্ত কৰি দুয়ো দলক সন্তুষ্ট আৰু বশীভূত কৰি ৰাখিছিল। ক্ৰমাগত কুৰি বছৰ যুঁজ কৰি তেওঁ এজন বীৰ- পুৰুষ বুলি চিনাকি দি মোগল ৰাজ্য বিস্তাৰ আৰু অনেক উপায়েৰে তাক দৃঢ়ীভূত কৰিছিল। ৰাজ্যভাৰ পাওঁতে মাথোন পঞ্জাব আৰু উত্তৰপশ্চিম অঞ্চলৰ কিয়দংশ তেওঁৰ দখলত আছিল; কিন্তু মৃত্যুৰ পূৰ্ব্বে সমস্ত আৰ্য্যাবৰ্ত্ত, আফগানিস্থান, কাশ্মীৰ, বঙ্গ, বিহাৰ, ৰাজপুতনা, মালৱ, গুজৰাট আৰু দাক্ষিণাত্য প্ৰদেশ তেওঁৰ কৰায়ত্ত হৈছিল।
ৰাজপুতবিলাক সুঠাম, বলিষ্ঠ আৰু ৰণুৱা দেখি আকবৰে ৰজাসকলেৰে সৈতে বৈবাহিক সম্বন্ধ পাতিছিল; আৰু তেওঁলোকক ৰাজ্যৰ সৰ্ব্ব উচ্চ বিষয় আৰু মৰ্য্যাদা দি সন্তুষ্ট ৰাখিবলৈ বিশেষ যত্ন কৰিছিল। ৰাজপুত ৰজাৰ ভিতৰত মাথোন চিতোৰৰ ৰাণাইহে এনেবোৰ কাৰ্য্যত লিপ্ত নাছিল। আকবৰে এই কথাৰ ভু পাই সসৈন্যে চিতোৰ আক্ৰমণ কৰিবলৈ যাত্ৰা কৰিলে আৰু অনেক উপায়েৰে চিতোৰৰ দুৰ্গ ভাঙি নগৰত সোমাবলৈ ধৰোঁতে ৰাজপুত মহিলাবিলাকে মোগলৰ হাতত