পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সাহিত্য

লেহি। পাচ বছৰ উকলিবলৈ নৌপাওঁতেই নমাজ পঢ়িবলৈ মচজিদৰ খলপাইদি উঠোঁতে পিছল খাই পৰি তিন দিন অজ্ঞান অৱস্থাত থাকি হুমায়ুন স্বৰ্গী হল।

 ৰাজ্যত শান্তি স্থাপন কৰি নিজৰ প্ৰভুত্ব প্ৰকাশ কৰিবলৈ কাৰবাৰ কৰোঁতেই হঠাৎ হুমায়ুনৰ মৃত্যু হোৱাত ১৪ বছৰীয়া নাবালক আকবৰ দিল্লীৰ সিংহাসনত উঠিব লগা হল। এই সময়ত বেহ্ৰাম খাঁ তেওঁৰ শিক্ষক আৰু মন্ত্ৰী আছিল। পাচে বেহ্ৰাম খাঁৰ ব্যৱহাৰত ৰাজ্যৰ সকলো আমীৰ-ওমৰাও অসন্তুষ্ট হোৱাত আৰু আকবৰেও তেওঁৰ কৰ্ত্তৃত্বাধীনত থাকিবলৈ ভাল নোপোৱাত, ১৫৬০ খ্ৰীষ্টাব্দত তেওঁক উবাৰি আকবৰে ৰাজকাৰ্য্য পৰিচালনাভাৰ নিজে গ্ৰহণ কৰিলে। এইদৰে হঠাৎ ক্ষমতা শূন্য হৈ বেহ্ৰামে মৰণান্তিক বেজাৰ পাই পোনতে আকবৰে সৈতে মিলিবলৈ চেষ্টা কৰিলে। কিন্তু সেয়ে হৈ নুঠিলত বুঢ়া বেহ্ৰাম বিদ্ৰোহী হৈ উঠিল। পাচে যুঁজত হাৰি আকবৰৰ শৰণাগত হলত, আকবৰে বেহ্ৰামৰ পূৰ্ব্বৰ উপকাৰ সুঁৱৰি পুৰণি ভৃত্য বুলি সকলো অপৰাধ ক্ষমা কৰি তেওঁক মক্কা-তীৰ্থলৈ যাবৰ অনুমতি দিলে। বুঢ়াকালত এইদৰে লঘু লাঞ্ছনা সহি বেহ্ৰামে মক্কালৈ যাবৰ উদ্দেশ্যে গুজৰাট পাওঁতেই আফগান এটাৰ চুৰি কটাৰীৰ আঘাতত প্ৰাণ হেৰুৱালে।

 এনে অলপ বয়সত ৰজা হবলৈ পাই অপৰিণামদৰ্শী সমনীয়াৰ লগ নিবিচাৰি বা চাটুকাৰৰ স্তুতিবাদত ভোল নগৈ আকবৰে মন স্থিৰ কৰি শত্ৰুকুল দমাবলৈ ধৰি ৰাজ্যশাসনত লাগিল।