হল; তেতিয়া এই পৰমাণু আকৌ জ্ঞান-গুণৰ বলত আন পদাৰ্থ- ৰূপে প্ৰকাশ পায়। শ্মশানৰ পাচতো পঞ্চভূত মিহলি হয়; তাব পৰা আকৌ নতুন পদাৰ্থ সৃষ্ট হ’ব পাৰে; কিন্তু স্থূলভূত সূক্ষ্মভূতত পৰিণত হোৱাৰ আগেয়ে, সি যি পদাৰ্থ আছিল, তাৰ আৰু অস্তিত্ব নাথাকিল।
কিন্তু নীৰস বিজ্ঞানৰ এই নীৰস উত্তৰত মানুহ সন্তুষ্ট হ’ব নোৱাৰে। যাক এমুহূৰ্ত্ত নেদেখিলে দেহত প্ৰাণ নাথাকিছিল, হঠাতে সেই প্ৰিয়জনৰ সকলো অস্তিত্ব লোপ পাব! সংসাৰৰ ইমান প্ৰেম, ইমান ভাল পোৱা, ইমান বাঞ্ছা, ইমান ইচ্ছা, ইমান কাৰ্য্য, ইমান হিংসা, কুটিলতাৰ ভাব, বা ইমান দয়া, ইমান সৌজন্য—সকলোৰে কি এই জীৱনতে শেষ, সকলো কি সংসাৰত এই দু’দিনৰ নিমিত্তেহে? যিদিনাৰপৰা শ্মশানলৈ যাব, সিদিনাৰপৰা কি তেন্তে সকলোৰে শেষ হ’ল? সঁচা হলেও, মানবমনে তাক নামানে, তাত সান্ত্বনা নাই। এই কাৰণে অনেকে কয়, আত্মা অবিনশ্বৰ; এই দেহৰ শেষতো আত্মাই আন দেহ লয়, নিজৰ কৰ্ম্মৰ ফলভোগ কৰে; আন ঠাইত আকৌ আমাৰ নিচিনাই বাস কৰে। মানুহে যেনেকৈ ফটা কাপোৰ এৰি নতুন কাপোৰ লয়, সেইদৰে আত্মায়ো জীৰ্ণ দেহ এৰি আন দেহত বাহ লয় মাথোন; এই যে পঞ্চভৌতিক দেহ, ই আৰু কি? আৰু ইয়াৰ যে মৰণ বুলি ভাবোঁ সেয়ে বা কি? ই একো নহয়, ই একো নহয়! আমি মায়ামুগ্ধ, সেই বাবেহে এনে ভাবোঁ।