পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
অমৰতা

তললৈ ডুব দিয়াঁ, তাতো. দেখিবা এই প্ৰশ্নৰ উত্তৰ নাই। যেতিয়া ভাষাই আবোল্‌ বোল্‌ কৈ হে কথা কৈছিল, আৰু যেতিয়া জ্ঞানৰ কোমল আলোক ৰেখাৰ সম্পাত, বাল সূৰ্য্যৰ ৰশ্মিৰ নিচিনা অজ্ঞান-অন্ধকাৰ অতি অস্ফুটেহে ভেদ কৰিছিল, তেতিয়াও জ্ঞানৰ আবিষ্কৰ্ত্তাসকলে এই প্ৰশ্ন লৈ জ্ঞানৰ সন্মুখত উপস্থিত হৈছিল। ইয়াৰ উত্তৰ দিব কোনে? নানা জনে নানা ভাবে ইয়াৰ উত্তৰ দিছে; কোনোৱে বা আশাৰ আদেশ অনুসাৰে, কোনোৱে বা দৰ্শনৰ যুক্তিমতে, আৰু কোনোৱে বা বিজ্ঞানৰ প্ৰত্যহ ঘটনামতে ইয়াৰ উত্তৰ দিবলৈ ওলাইছে। কিন্তু নিশ্চয় কৰি কোনে কব শ্মশানৰ পাচত কি? মানুহৰ উন্নতি দিনকে দিনে বেচি হৈ গৈছে, মানুহৰ প্ৰতিভাই দিনকে দিনে উচ্চৰপৰা উচ্চতৰ, কঠোৰৰপৰা কঠোৰতৰ তত্ত্বত প্ৰবেশ কৰিছে; কিন্তু এতিয়াও জনা নাই শ্মশানৰ পাচত কি?

 প্ৰত্যক্ষবাদী বিজ্ঞানে যাক নেলেখে বা যাৰ অস্তিত্বৰ বিশেষ প্ৰমাণ নাপায়, তাক মানিব নোখোজে। শ্মশানৰ ভস্ম আৰু সমাধিৰ অৱশেষ তন্ন তন্ন কৰি পৰীক্ষা কৰি চায়ো বিজ্ঞানে একো পোৱা নাই। যি মৰিল, তাৰ যে আৰু কিবা অৱশেষ থাকিল, ইয়াৰ প্ৰমাণ নাই। কিন্তু পদাৰ্থৰ নাশ, বিজ্ঞানে নামানে। বিজ্ঞানে কয় নাশ একোৰে হ’ব নোৱাৰে। যাক আমাৰ স্থূল চকুৰে নাশ যেন দেখোঁ, সি অৱস্থান্তৰ হে মাথোন। স্থূলভূত সূক্ষ্ম পৰমাণুৰ সমষ্টি; পদাৰ্থ নষ্ট হ’ব নোৱাৰে, কেৱল যিগুণৰ বলত পৰমাণুৰ যোগত পদাৰ্থ হৈছিল, সেই গুণৰ ৰূপান্তৰ স—১০