পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
সাহিত্য

প্ৰতিভাৰ প্ৰতিমূৰ্ত্তি সেই মহৰ্ষি বাল্মীকিৰ দেহ সৰ্ব্ববিধ্বংসী শ্মশানৰ ভস্মত পৰিণত। যি আৰ্য্যবীৰৰ বীৰত্বকাহিনীত জগৎ মুগ্ধ, যাৰ প্ৰজাবাৎসল্য দেখি জগৎ স্তগ্ধ, যাৰ মহিমান্বিত কীৰ্ত্তি আদি কবিৰ ৰচনাৰ বিষয়, সেই ৰাম, ইন্দ্ৰজিৎ জয়ী বীৰবাহু লক্ষ্মণ, ভ্ৰাতৃপ্ৰেমৰ জীৱন্ত ছবি ভৰত, শত্ৰুঘ্ন শ্মশানৰ হাতত কবলিত। যি প্ৰতিভাৰ লালিত্যপূৰ্ণ কবিতা ভাৰতবাসীৰ হৃদয়ে হৃদয়ে গ্ৰথিত, অষ্টাদশ পুৰাণ, মহাভাৰতাদি যাৰ লেখনীসম্ভুত, সেই মহা মুনি দ্বৈপাযনো শ্মশানৰ কৰাল কৰত নিপতিত। আৰু, যাৰ মোহনবংশীৰ বিনোদনিস্বনত গোপবালা প্ৰেমত আত্মহাৰা হৈছিল, যমুনা উজান বহিছিল, কুৰুক্ষেত্ৰৰ প্ৰধান নায়ক সেই কৃষ্ণ, তেওঁৰ সখী বীৰচূড়ামণি অৰ্জ্জুন, ধৰ্ম্মৰাজ যুধিষ্ঠিৰ, মহাবলী ভীম, সংযমী বীৰ ভীষ্মদেৱ ভীমমূৰ্ত্তি শ্মশানৰ কবলত কবলিত। মিবাৰৰ আৰ্য্যবীৰ মহাৰাণা প্ৰতাপসিংহ, হিন্দুস্বাধীনতা প্ৰৱৰ্ত্তক শিবাজী আৰু উদাৰ আকবৰ শ্মশানৰ হাতত, কাৰো নিষ্কৃতি নাই। সংসাৰলৈ এনে কোন আহিছে বা আহিব, যোনে শ্মশানৰ দ্বাৰস্থ হ’বলগা নাই বা নালাগিব? সংসাৰৰপৰা নিৰ্গমৰ দ্বাৰ শ্মশান। সকলো এই শ্মশানত লয় পাইছে; এই শ্মশানত সুখ-দুঃখ সকলো বিসৰ্জ্জন দিছে। কিন্তু কোনে জানে শ্মশানৰ পাচত কি?

 মানবীয় প্ৰতিভাৰ ফলস্বৰূপ জ্ঞানশাখা বিচাৰি চোৱাঁ, ক’তো তাৰ উত্তৰ নাই; জ্ঞানৰ মূৰ্ত্তিস্বৰূপ জ্ঞানীৰ ওচৰলৈ যোৱাঁ, তেওঁৰ ওচৰত তাৰ উত্তৰ নাই; গভীৰ জ্ঞানসমুদ্ৰৰ