অমৰতা।
‘জন্মিলে মৰণ আছে সৱে জগতৰ’। সেই দেখি মৰিলে নো কি হব, এই কথা আমি এদিন নে এদিন ভাবিব লগীয়া হৈছে বা কেতিয়াবা ভাবিব লাগিব। পৃথিবীৰ পশু-পক্ষী, জীৱজন্তু, গছ-লতা, সকলো এদিন নে এদিন শ্মশানৰ দ্বাৰত উপস্থিত হব লাগে। কিন্তু তাৰপৰা এই জীৱ ক’লৈ যায়, শ্মশানৰ পৰ-পাৰত কোন অজান দেশ, এই প্ৰশ্নৰ উত্তৰ যথাযথৰূপে পাবলৈ মানুহ ব্যাকুল হয়। প্ৰথমতে ভাবিব পাৰি— শ্মশানৰ পাচত যদি কিবা আছে, তেন্তে সুধিবৰ একো সকাম নাই। পাঁচবছৰীয়া লৰা এজনেও জানে, যে শ্মশানৰ পাচত পৰলোক; বা মানুহ মৰিলে স্বৰ্গলৈ বা নৰকলৈ যায়। ই ধৰ্ম্মৰ বিশ্বাস; মানিলে শান্তি পাবা, নামানিলে একো নাই। দাৰ্শনিক- সকল কিন্তু ইয়াত সন্তুষ্ট হোৱা নাই, তেওঁলোকৰ গভীৰ তত্ত্বেও, শ্মশানৰ পাচত কি এতিয়াও ঠিক কৰি কব নোৱাৰে।
শ্মশানৰ পাচত কি, এই কঠোৰ প্ৰশ্ন; কোনে তোমাক ইয়াৰ উত্তৰ দিব? দিন-ৰাতিৰ বিৰাম নাই, জীৱ শ্মশানৰ কৰাল গৰ্ভত প্ৰবেশ কৰিছে; কিন্তু কোনে শ্মশানৰপৰা উঠি আহিছে, কোনে জানে বা কব পাৰে শ্মশানৰ পাচত কি? ক্ৰৌঞ্চমিথুনৰ এজনৰ নিষ্ঠৰ হত্যা দেখি যি কবিৰ কৰুণহৃদয়ৰ কৰুণ উচ্ছাস শ্লোকৰূপে প্ৰকাশ পাইছিল,