পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
সাহিত্য


যুটুকী, এজাতি চীলৰ ওঁঠ আকৌ হাতীৰ শুঁড়ৰদৰে বাজলৈ ওলোৱা। শুঁড় থকা চীলক হস্তী-চীল বোলে। হস্তী চীল বৰ ডাঙৰ; সিহঁত দীঘলে প্ৰায় বাৰ হাত। এই জাতিৰ চীলেই আটাইতকৈ ডাঙৰ। কাণ থকা চীলবোৰৰ আঁকাৰ অনুসৰি মানুহে নানা নাম দিছে। এজাতি চালক সিন্ধুসিংহ আৰু এজাতিক সিন্ধুভালুক বোলে। কাণ নথকা চীল সাধাৰণ চাৰিহাত মান দীঘল। ফুটুকা ফুটুকী চীলৰো কাণ নাথাকে।

 চীলৰ সন্মুখৰ আৰু পাচৰ ভৰিয়ে মাছৰ পাখি আৰু ফিচাৰ কাম কৰে। মাছে যিদৰে তাৰ পাখি আৰু নেজৰ সহায়েৰে পানীত সাঁতুৰি ফুৰে, চীলেও তাৰ ভৰিৰ সহাযেৰে পানীত আৰু বামত চলা-ফুৰা কৰে। চীলৰ ভৰিৰ বেচি অংশ তাৰ গাৰ লগত যুক্ত—আঠুৰ তলচোৱা মাত্ৰ বাজত ওলাই থাকে। চীলৰ গাটো নেজৰ ফালে ক্ৰমে সৰু, আৰু গোটাই গা থলথলীয়া মঙহে ভৰা। ইয়াৰ সৰ্ব্ব শৰীৰ ঘন নোমেৰে ঢাক-খোৱা। চীলৰ মূৰ সৰু, নাক চেপেটা আৰু চকু ডাঙৰ। চীলৰ গোঁফো আছে। চীলৰ দাঁত বৰ চোকা; ইয়াৰ কুকুৰ দাঁত ডাঙৰ ডাঙৰ।