যোৱা বাটত চুৰ নামে এখন পৰ্ব্বত আছে; কোৰেচবিলাক
খেদি অহা গম পাই তেওঁলোক এই পৰ্ব্বতৰ গহ্বৰত লুকাল।
গহ্বৰত সাপ থকা গাঁত আছিল; আবুবক্কৰে পিন্ধা কাপোৰ ফালি
সেই গাঁতবোৰ বন্ধ কৰিলে; এটা গাঁত মাৰিবলৈ কাপোৰে
নোজোৰাত আবুবক্কৰে এখন ভৰি দি থাকিল।
গহ্বৰত তেওঁলোক তিনি দিন আছিল; তাৰ পাচত এদিন ঘোৰ অন্ধকাৰ ৰাতি মদিনালৈ যায়। মদিনাবাসীয়ে তেওঁলোকক সাদৰে গ্ৰহণ কৰে। হজৰত মোহম্মদৰ প্ৰধান শিষ্যবিলাকৰ ভিতৰত আবুবক্কৰ একান্ত বিশ্বাসী আৰু মৰমৰ ভক্ত আছিল। আবুবক্কৰে হজৰতক প্ৰাণৰ সমান ভাল পাইছিল; প্ৰচাৰ কাৰ্য্যত, যুদ্ধ-বিগ্ৰহত অহণিশে আবুবকৰ হজৰতৰ সঙ্গী আছিল।
হজৰত মোহম্মদ স্বৰ্গী হোৱাৰ সময়ত ভবিষ্যতে ইচলাম ধৰ্ম্মৰ কোন খলিফা হব তাৰ একো নিৰ্ণয় কৰি যোৱা নাছিল; তেওঁ কেৱল মাত্ৰ কৈছিল—সকলো ইচলাম ধৰ্মাবলম্বীযে কোৰণৰ আদেশ মানি চলিব। এই কাৰণে হজৰতৰ পাচত ধৰ্ম্মৰ নেতৃত্ব পদ লৈ মোহাজ্বেৰ [১] আৰু আন্চাৰসকলৰ [২] মাজত বাক- যুদ্ধ চলে। উভয় দলেই নিজৰ স্বাৰ্থত অন্ধহৈ স্বপক্ষীয়ক নেতৃত্ব
পদত ৱৰণ কৰিবলৈ চেষ্টা কৰিব ধৰিলে। এক মতাৱলম্বী এই