হজৰত মোহম্মদে যি সময়ত মক্কাত ইচলাম ধৰ্ম্ম বাহুল্যৰূপে
প্ৰচাৰ কৰিবলৈ উদ্যত হল, তেতিয়া মক্কাবাসী আন কি তেওঁৰ
জ্ঞাতি-কুটুম্বসকলেও হজৰতৰ ওপৰত অশেষ অত্যাচাৰ আৰম্ভ
কৰিবলৈ ধৰে। এই সময়ত ঊনচল্লিশটি প্ৰাণীয়ে মাত্ৰ ইচলামত
দীক্ষিতহৈ হছৰতক অনুসৰণ কৰিছিল। জ্ঞাতিসকলৰ উৎপীড়ণ,
সমাজৰ লাঞ্ছনাত ক্ষুদ্ৰ ইচলাম ভক্তদল জুৰুলা হলেও তেওঁলোকৰ
মনৰ বল কমা নাছিল। সেই সময়ত আবুবক্কৰে ঊৰ্দ্ধবাহুহৈ
কৈছিল “আৰু কিয় ইচলাম ধৰ্ম্ম গুপ্ত ৰাখিম?” তাৰ পাচতেই
হজৰত মোহম্মদে ইচলাম প্ৰচাৰ কৰিবলৈ কাবামন্দিৰত উপস্থিত
হয়। আবুবক্কৰে জনসাধাৰণক ইচলাম গ্ৰহণ কৰিবলৈ আহ্বান
কৰিলে; উপস্থিত কোৰেচবিলাক খঙত জ্বলি উঠিল। মক্কা-
বাসীয়ে আবুবক্কৰ সদ্গুণত আগেয়ে মোহ গৈছিল কিন্তু তেওঁ
যেতিয়া চলিত ধৰ্ম্মৰ ঠাইত ইচলাম প্ৰচাৰৰ অৰ্থে সকলোকে
আহ্বান কৰিলে, তেওঁৰ সেই গুণবোৰ মানুহে পাহৰিলে আৰু
উপস্থিত সমাজৰ বিৰুদ্ধবাদী এজনে গৈ আবুবক্কৰক এনেভাবে
আঘাত কৰিলে, যে তেওঁ ধৰাশায়ী হৈ পৰি গল।
তাৰ পাচৰপৰা অত্যাচাৰৰ মাত্ৰা আৰু চৰিল; বহুতে মক্কা এৰি মদিনা পালেগৈ; আবুবক্কৰ, আলি আদি কেইজনমানৰ সৈতে মাত্ৰ মোহম্মদ গুপ্তভাৱে থাকিবলগা হল। কোৰেচ- বিলাকে মোহম্মদক হত্যা কৰিবলৈ বিচাৰি ফুৰিবলৈ ধৰিলে; তেতিয়া মোহম্মদেও আবুবক্কৰক লগতলৈ মদিনালৈ গুচি গল।
কোৰেচবিলাকে তেওঁলোকক পাচে পাচে খেদিলে। মদিনালৈ