পৱিত্ৰতাৰ ফালে ঢাল লব আৰু হিয়াত আনন্দৰ উদয় হব।
আদৰ্শজীৱনৰ আহি লৈ দেশৰ কিছুমানে নিজৰ জীৱন গঢ়িবলৈ
চেষ্টা কৰিলে ক্ৰমে চেষ্টা কৰোঁতাৰ সংখ্যা বাঢ়ি যায় আৰু
জন্মভূমিৰ গৌৰৱ প্ৰতিষ্ঠিত হয়।
সকলো দেশৰ সকলো সময়ৰ সকলো মহাজনৰ জীৱনৰ ঘটনাবোৰ একেই—একে ঘটনাই বিভিন্ন সময় বিভিন্ন লোকৰ গাত ঘটিছে মাত্ৰ। সত্য, দয়া, ঐতি, শিষ্টাচাৰ আদি গুণ সকলো দেশত সকলো কালতে আদৃত। সেই কাৰণে চৰিত্ৰ- গঠন কৰিবলৈ উচ্চ আদৰ্শ বিদেশী হলেও কাৰ্য্যকৰী। যি সত্য, উৎকৃষ্ট, সি সকলোৰে গ্ৰহণীয়। কিন্তু জাতীয় আদৰ্শ নিজস্ব, তাক অনুসৰণ কৰা সহজ; সেই কাৰণে পোনতে জাতীয় আদৰ্শ গ্ৰহণ কৰিব লাগে, পাচত অন্য দেশৰ সাধুচৰিত্ৰত বিকাশপ্ৰাপ্ত অন্যান্য গুণবোৰ তাৰ লগত যোগ দিব লাগে।
আত্মাভিমান আৰু অহঙ্কাৰ থাকিলে শ্ৰদ্ধা নাথাকে; শ্ৰদ্ধা নজন্মিলে আদৰ্শ গ্ৰহণ কৰা সম্ভৱপৰ নহয়। সেই কাৰণে আহি লবলৈ যাওঁতে আত্মাভিমান আৰু অহঙ্কাৰ বিসৰ্জ্জন দিব লাগে; পাচত শ্ৰদ্ধাৰে সৈতে আহি আগত লৈ নিজ চৰিত্ৰ গঠন আৰু সদনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিলেই নিজক সেই পুৰুষৰ অনুপ্ৰেৰণাত অনুপ্ৰাণিত কৰা হয়।
⸻⸻