পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
আহি


সমাজ, সংস্কাৰ আৰু অৱস্থাত জন্মিছিল, আমিও প্ৰায় তেনে সমাজতে তেনে অৱস্থাত জন্মিছোঁ, আৰু সেই ৰকম সংস্কাৰকে লৈ ডাঙৰ হৈছোঁ। সিসকলে বাল্যকালত যেনে ভাবে শিক্ষা লাভ কৰিছিল, আমিও প্ৰায় তেনে ভাবেই শিক্ষা লাভৰ সুবিধা পাইছোঁ; গতিকে দেশীয় মানুহে দেশীয় জীৱন অনুসৰণ কৰা সহজ।

 উদ্যম, একতা, অনুসন্ধিৎসা আৰু জাতীয়-স্বাৰ্থৰ বাবে স্বকীয় স্বাৰ্থত্যাগ আদি গুণ নাথাকিলে জাতীয় উন্নতি সাধন নহয়। এইবোৰ গুণ পশ্চিমীয়া সুজনৰ চৰিত্ৰত ফুটি উঠা দেখা যায়। আমাৰ দেশৰ মানুহে এইবোৰ গুণ বিভিন্ন দেশৰ লোকৰ গাত দেখিলেও তাক গ্ৰহণ কৰি আদৰ্শ জীৱন পূৰ্ণ কৰি লব পাৰে। মানুহ পূৰ্ণ নহয়—পূৰ্ণ কেৱল ঈশ্বৰহে। আমাৰ আহি জীবনো পূৰ্ণ নহয়; নিজক উন্নত কৰিব খুজিলে আমাৰ আদৰ্শ-জীৱনত যিবোৰ গুণৰ সম্পূৰ্ণ বিকাশ দেখা নাযায়, সেইবোৰ গুণৰ আহি স্বদেশী হওক বা বিদেশী হওক অন্য জীৱনৰ পৰাও লোৱা উচিত।

 বৰ পৰিতাপৰ কথা, যে ভাৰতত আজি গুণৰ পূজাতকৈ বাহ্যিক চাক্‌চিক্যৰ পূজা চৰিব ধৰিছে; ভাৰতত এতিয়া মৌলিকতা গুচি তাৰ সলনি অনুকৰণপ্ৰিয়তাৰ যুগ প্ৰবৰ্ত্তিত হৈছে। পোচাক- পৰিচ্ছদ, ভাব-ভাষা, ৰুচি সকলো দিন দিন বিকৃত হৈছে— ভাৰতবাসীয়ে স্বৰূপ পাহৰিব ধৰিছে।

 গুণৰ অনুকৰণতকৈ দোষৰ অনুকৰণ কৰা সহজ। বিজাতিৰ সংসৰ্গত আমি তেওঁলোকৰপৰা আমাৰ দেশৰ উপযোগী শিক্ষা