এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
সাহিত্য
(৯)
স্বৰগ, মৰত, প্ৰকৃতি, মানুহ,
সকলো আনন্দময়,
মেঘে মেঘে মিলি সাৱটা-সাৱটি,
জগৎ কবিতাময়।
(১০)
চাওঁতে চাওঁতে পল পল কৰি,
দ্বাদশে[১] মেলানি ললে;
সৰিৎ, সাগৰ, আকাশ, পৃথিবী,
বিদায়-সঙ্গীত গালে।
(১১)
চাওঁতে চাওঁতে এখোজ বঢ়ালোঁ
মৰণ-দেশৰ পিনে,
জীৱন-বুৰঞ্জী মেলি এবে চোৱাঁ
হাৰিল জিকিল কোনে।
(১২)
ভাবি চোৱাঁ হেৰা দিবা নে যাবলৈ
বিফলে বছৰ হায়!
ধূলি-ধেমালিত থাকিবা নে মজি
মানবী জনম পাই?
- ↑ দ্বাদশে—১৮১২ শঁকে।