পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য

একোটা বৃত্তি আছে, ধীৰেশ্বৰেও তাৰে এটা ভাগ পাইছিল। ইয়াৰ বাহিৰেও গৌৰীপুৰ, বগৰিবাৰী, আউনিআটি আদি ঠাইৰপৰাও তেখেতে বছৰি একোটা নিৰ্দিষ্ট বিদায় পাইছিল। আসামৰ সংস্কৃত পৰীক্ষা বোৰ্ডৰ তেখেত এজন মেম্বৰ আৰু পাণিনি ব্যাকৰণৰ পৰীক্ষক আছিল।

 ধীৰেশ্বৰৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল আসামত পাণিনি ব্যাকৰণ প্ৰচলিত কৰা। জীৱিত কালত দেশীয় পণ্ডিতমণ্ডলী আৰু ছাত্ৰ সকলকো তেখেতে সেই বিষয় বৰকৈ অনুৰোধ কৰিছিল। তেওঁ নিজেও ছাত্ৰক পাণিনি ভিন্ন আন ব্যাকৰণ শিক্ষা নিদিছিল। অন্ত কালতো তেখেতে জীৱিত কালত যিমান টকা সংগ্ৰহ কৰিছিল, সেইখিনি আৰু তাৰ লগতে নিজৰ আৰ্জ্জিত আৰু পৈত্ৰিক স্থাবৰ-অস্থাবৰ সকলো সম্পত্তিকেই নিজৰ পুত্ৰক পৰ্য্যন্ত বঞ্চিত কৰি পাণিনি ব্যাকৰণ শিক্ষা কাৰ্য্যৰ নিমিত্তেই দান কৰি থৈ গৈছে। ধীৰেশ্বৰৰ জীৱনৰ প্ৰথম আদৰৰ বস্তু পাণিনি ব্যাকৰণ আৰু দ্বিতীয় তেওঁৰ ৰচিত বৃত্তমঞ্জুৰী। বৃত্তমঞ্জুৰী এখন ছন্দশাস্ত্ৰ। মহাকবি কালিদাসে যিদৰে সূত্ৰটোকে উদাহৰণ কৰি “শ্ৰুতবোধ” নামে এখন ক্ষুদ্ৰ ছন্দশাস্ত্ৰ লেখিছিল, সেই নিয়মে ধীৰেশ্বৰে লৌকিক-বৈদিক যত প্ৰকাৰৰ ছন্দ আছে, সকলো বিলাককেই গোটাই লৈ “বৃত্তমঞ্জুৰী” নাম দি এখন বৃহৎ পুস্তক লেখিছে। বৰ দুখৰ বিষয়, যে তেখেতৰ জীৱিত কালত সেই পুস্তকখন সম্পূৰ্ণ ভাৱে প্ৰকাশিত হৈ নোলাল।