পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
সাহিত্য

প্ৰতিভাৰ বলত নিজে নিজেই সেই শাস্ত্ৰত অগাধ পাণ্ডিত্য লাভ কৰিছিল আৰু নবদ্বীপ, কলিকতা, কাশী, হৰিদ্বাৰ প্ৰভৃতি পণ্ডিতপূৰ্ণ স্থানবিলাকত নিজৰ কবিত্ব, আৰু পাণ্ডিত্য দেখুৱাই সকলোকে মোহিত কৰিছিল। তেখেতৰ পাণ্ডিত্য আৰু কবিতা দেখি নবদ্বীপৰ পণ্ডিতসকলে “দ্বিতীয় কালিদাস” উপাধি দিবলৈ প্ৰস্তাব কৰিছিল; কিন্তু তেখেতে ‘মই সেই উপাধিৰ যোগ্য নহওঁ “বুলি কৈ তেওঁলোকৰ ওচৰত নিজৰ মহত্বৰ পৰিচয় দিছিল। যি দিনত উপেক্ষা কৰা দূৰৈৰ কথা, বন্ধু-বান্ধৱত খাতি মিলিও মানুহে আন উপাধিৰ কথাই নকওঁ ব্ৰহ্মৰ্ষি, মহৰ্ষি, আদি উপাধিৰ দ্বাৰাও নিজক অলঙ্কৃত কৰি আনন্দ উপভোগ কৰে, সেই দিনত নবদ্বীপৰ নিচিনা ঠাইৰপৰা ধীৰেশ্বৰৰ “দ্বিতীয় কালিদাস” উপাধিদান প্ৰত্যাখ্যান, আচলতেই এটা অদ্ভুত স্বাৰ্থত্যাগৰ উদাহৰণ নহয় নে? হৰিদ্বাৰৰ পণ্ডিতমণ্ডলীয়েও তেখেতক পাণিনিৰ দ্বিতীয় অৱতাৰ বুলি কৈছিল। কাশীধামতো তেখেতে বেদ-জ্ঞানৰ পৰিচয় দি জন্মভূমিৰ মুখ পোহৰ কৰিছিল।

 নানা দেশীয় পণ্ডিত মণ্ডলীৰপৰা ধীৰেশ্বৰৰ ক্ৰমে সুখ্যাতি শুনি আমাৰ সদাশয় গবৰ্ণমেণ্টে তেখেতক “মহামহোপাধ্যায়” উপাধিৰদ্বাৰা বিভূষিত কৰিছিল। বিজনী ৰাজধানীৰ স্বৰ্গীয় দেৱান বৰদাকান্ত হাৱলদাৰ মহাশয়ৰ লগত ধীৰেশ্বৰৰ দেখা হোৱাত, তেখেতে তেওঁৰ গুণ বুজি পাই ৰাজধানীৰপৰা বছৰি ১০০৲‌ টকা বৃত্তিদানৰ বন্দোৱস্ত কৰিছিল। বঙ্গদেশত ভূদেৱবৃত্তি নামে বছৰি ৫০৲ টকা কৈ ভাৰতীয় বিখ্যাত পণ্ডিত মণ্ডলীৰ নিমিত্তে যি