বিমোহিত হয় আৰু তেতিয়াই তেখেতক সত্ৰৰ অধ্যাপক কৰি
লগতে লৈ যায়। আচলতে ধীৰেশ্বৰ আৰু দত্ত দেৱৰ পৱিত্ৰ
গঙ্গাসাগৰ সঙ্গমৰ নিচিনা অলৌকিক মিলন হৈ উঠিল। সেই
সময়ত আসামদেশত ধীৰেশ্বৰ গঙ্গাৰ প্ৰৱল স্ৰোতক দত্ত দেৱ-সাগৰে
গ্ৰহণ নকৰিলে নিশ্চয় সি বিপথগামী হৈ কিবা বিৰস অৱস্থাত
পৰিবলগীয়া হলহেতেন। আচলতে দত্তদেৱৰ উৎসাহ আৰু অৰ্থৰ
সহায়ত ধীৰেশ্বৰৰ প্ৰতিভা দিনে দিনে বাঢ়িবলৈ ধৰিলে। তাতেই
তেখেতে “কৰ্ণ খাদক” ‘ৰাধাকলঙ্কভঞ্জন’ আৰু যাৰ লগত তেখেতৰ
শেষ জীৱনতো সম্বন্ধ গুচা নাছিল, সেই “বৃত্তমঞ্জুৰী” ৰচনা কৰে।
আউনি অটীয়া ধৰ্ম্ম প্ৰকাশ যন্ত্ৰত এবাৰ তেখেতৱ “বৃত্তমঞ্জুৰী”
খন ছাপা হৈয়ো ওলাইছিল। ধীৰেশ্বৰ আউনি আটিত থকা
কালতে এবাৰ দক্ষিণপাটৰ স্বৰ্গীয় অধিকাৰ শুভদেৱ গোস্বামীৰ
লগত তেখেতৰ দেখা হয়। এইজনা গোস্বামীও পণ্ডিত আৰু
বিদ্যোৎসাহী আছিল। ধীৰেশ্বৰৰ গুণ বুজি পাই তেখেতেও
কিছু দিনলৈ নিজ সত্ৰৰ অধ্যাপক কৰি ধীৰেশ্বৰক লৈ যায়।
তাত কিছুমান দিন থাকিয়েই ধীৰেশ্বৰে আহি গুৱাহাটী মিউনিচি-
পালটি সংস্কৃত টোলত শিক্ষক নিযুক্ত হয়।
গুৱাহাটীত থকা কালতেই তেখেতে পাণিনী ব্যাকৰণ চৰ্চ্চা কৰে। প্ৰথমতে এজন তীৰ্থযাত্ৰী মহাৰাষ্ট্ৰীয় পণ্ডিতৰ লগত আলাপ কৰাৰ পাচতেই তেখেতৰ পাণিনি ব্যাকৰণলৈ ধাউতি বাঢ়ে। সেই পণ্ডিতজনৰ ওচৰতেই প্ৰথমতে পাণিনি ব্যাকৰণৰ কিছু স্থূলজ্ঞান লাভ কৰি তেখেতে নিজ অধ্যৱসায় আৰু