এইদৰে চৈধ্য বছৰ কাল অখণ্ড প্ৰতাপে ৰাজত্ব কৰি প্ৰায় আঢ়ৈ-কুৰি বছৰ বয়সত ১৬১৭ শঁকৰ ১৩ ফাগুন কৃষ্ণা- চতুৰ্থীত মহাৰজা গদাধৰসিংহ স্বৰ্গদেৱ স্বৰ্গী হয়।
স্বৰ্গীয় গদাধৰসিংহ স্বৰ্গদেৱ যেনে এজন বাহুবলী পুৰুষ বুলি বিখ্যাত, তেওঁ তেনে এজন ৰাজনীতি আৰু সমাজনীতিত বহুল অধিকাৰ থকা সচ্চৰিত্ৰ আৰু ন্যায়বান পুৰুষ বুলিও প্ৰখ্যাত। কথিত আছে, বোলে তেওঁ বলৱন্ত বলিয়া হাতীকো লৰি-অহা বেগতে দাঁতত ধৰি ঘূৰাই দিব পাৰিছিল। তেওঁৰ অবয়ৱ আৰু শাৰীৰিক শক্তি চাই তেওঁৰ ভোজনো প্ৰচুৰ আছিল। সেইদৰেই সংসাৰ-যুদ্ধতো তেওঁ এজন সুপ্ৰসিদ্ধ বীৰ আছিল। জীৱনৰ কালত তেওঁ অনেক অপায়-অমঙ্গলৰ হাতত পৰিছিল; এনে কি, তেওঁ সময়ত নিজৰ প্ৰাণৰ কাৰণে ঘৰ-দুৱাৰ এৰি দূৰণি আৰু অগম্য নগা-পৰ্ব্বতত ফুৰিছিল। কিন্তু তেওঁ, যে সকলে বাধা- বিঘিনি লঙ্ঘন কৰি এদিন আহোম-ৰাজপাটত দুপৰ সুৰুযৰদৰে জিলিকিব পাৰিছিল, ই সাধাৰণ ক্ষমতাৰ কথা নহয়। আৰু, স্বৰ্গদেৱৰ বৰ সৌভাগ্য, যে জয়মতী হেন জগতৰ আদৰ্শ নাৰী তেওঁ ভাৰ্য্যাৰূপে লাভ কৰিছিল। পৃথিবীত, বুৰঞ্জীৰ জীৱন থাকেমানে জয়মতী-গদাধৰৰ নাম জীয়াই থাকিব।