পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
সাহিত্য


ল’ৰা-ৰজাক বধ কৰালে। যি কেইজনমান ডাঙৰীয়া আৰু বিষয়াই পূৰ্ব্বৰ এঘাৰবছৰীয়া সমস্যাৰ সময়ত ৰজা ভঙাপতাত যোগ দিছিল, স্বৰ্গদেৱে তেওঁলোকক বিষয়ৰপৰা অৱসৰ দি তেওঁলোকৰ ঠাইত নতুন আৰু বিশ্বাসী বিষয়া ল'লে। তাৰ পাচে, তেওঁ গড়গাৱঁৰ- পৰা নগৰ উঠাই বৰক’লালৈ নি তাতে শিঙৰী-ঘৰত উঠিও হিন্দুমতে গদাধৰ সিংহ আৰু আহোমমতে চুপা’তফা নাম লৈ সিংহাসনত বহিল। বৰকলা বৰ অসুচল ঠাই; সেইগতিকে স্বৰ্গদেৱে মেটেকা নামে ঠাইত বাহৰ কৰি আছিল।

 গদাধৰ সিংহ স্বৰ্গদেৱ এজন অসাধাৰণ ৰাজনৈতিক পুৰুষ আছিল। যিসকল বিষয়াই লৰা-ৰজাক জীৱিত কালতে ৰাজপদৰ পৰা বিচ্যুত কৰি তেওঁক ৰজা পাতে, গদাধৰে সিবিলাকক ৰাজদ্ৰোহী বিবেচনা কৰি ৰাজধৰ্ম্মমতে দণ্ড বিহিবলৈ একোতে কোঁচ নাখালে; কিছুমানক ভুৰ বান্ধি উটুৱাই দিয়া হল আৰু কিছুমানক স্বৰ্গদেৱে নিজে আগত থাকি শালত দিয়ালে। সেই ঠাই আজিও ‘শালমৰা’ নামে অভিহিত। এনে কি, নিৰাশ্ৰয় অৱস্থাত আশ্ৰয়- দাতা মৰমৰ ভিনীহিয়েক বন্দৰ বৰফুকনকো ৰাজ্যৰপৰা বাজ কৰি দিয়া হল। এই কাৰ্য্যৰ বাবে কিছুমানে গদাধৰ সিংহ স্বৰ্গদেৱৰ গাত অকৃতজ্ঞতাৰ চেকা পেলাব খোজে; কিন্তু সেইবাবে স্বৰ্গদেৱৰ গাত অকণো দোষ নাই, বৰঞ্চ ই তেওঁৰ ৰাজনীতিজ্ঞান আৰু দূৰদৰ্শিতাৰহে চিনাকি দিয়ে।

 স্বৰ্গদেৱ গদাধৰসিংহ ৰাজপাটত উঠা কালত আহোমৰাজ্যৰ অৱস্থা বৰ শোচনীয় আছিল। ডাঙৰীয়াসকলেই ৰাজ্যৰ নেতা;