পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
সাহিত্য


নগাপৰ্ব্বতত থাকি তেওঁৰ মহৎ উদ্দেশ্য সিদ্ধিৰ আশা নেদেখি, তেওঁ সেই ঠাই এৰি ভটীয়াই আহোঁতে কোঁৱৰক বাটত সলাল- গোহাঁয়ে পাই তেওঁৰ ভিনীহিয়েক বন্দৰ বৰফুকনৰ ঘৰলৈ যাবৰ নিমিত্তে উপদেশ দিলে। গদাপাণিয়ে ছদ্মবেশেৰে ফুৰোঁতে বাটত এজন গণ’কৰে সৈতে তেওঁৰ চিনাকি হয়। এদিন গণকে কোঁৱৰৰ হাত চাই ক'লে—“গদা, তুমি এদিন ৰজা হবাহে। ” কেঁৱৰে মাত লগালে—“বাৰু, মই যদি ৰজা হওঁ—মন্ত্ৰীৰ বাব এটি তোমাৰ। ” এইজনা গণকে বিষয় ল’বলৈ নাপালে, কেইমাহ- মানৰ অন্তৰতে তেওঁৰ মৃত্যু হয়।

 সলালগোহাঁইৰ সজ-পৰামৰ্শ শিৰোধাৰ্য্য কৰি কোঁৱৰ কামৰূপৰ ফালে গ’ল। তাতে পোনতে তেওঁ এজনী পোহাৰীৰ ঘৰত থাকে। পোহাৰীৰ ঘৰৰপৰা ওলাই আহি তেওঁ এজন ব্ৰাহ্মণৰ ঘৰত ভালেমান দিন কাম কৰিছিল আৰু তেওঁৰ কৃতজ্ঞতা স্বৰূপে ভবিষ্যতে সেই বাহ্মণৰ ঘৰলৈ ৰাজভোগ্য বঁটা-বাহন আৰু দক্ষিণাদি নিয়মমতে দি তেওঁলোকৰ সম্মান বঢ়াইছিল। আজিলৈকে তেওঁবিলাকৰ সতি-সন্ততিসকল এটি উন্নতিশীল পৰিয়াল হৈ আছে। বামুণৰ ঘৰৰপৰা আহি তেওঁ কামৰূপৰ চান্দকুচীয়া বৰুৱাৰ আশ্ৰয়ত কিছুমান দিন থাকে। তাত থকাটো আপদশূন্য যেন নেদেখি তাৰপৰা আঁতৰি কোঁৱৰ ৰাণীগাৱঁলৈ যায়। এই গাৱঁতে গাৰোৱনী এজনীয়ে তেওঁক বৰ সাদৰেৰে খুৱাই-পিন্ধাই ৰাখে। তাৰ পাচত গদাপাণিৰ বাইদেৱাক বৰফুকননীয়ে এই কথাৰ সম্ভেদ পাই কোঁৱৰক চপাই নি কিছুমান দিন ঘৰৰ ভিতৰতে গোপনে