উদ্ধাৰ নকৰিলে, ইয়াৰ গুপুত ৰহস্য আজিলৈকে অনেকে ভেদ
কৰিব পৰা নাই। তেওঁৰ অকল বাহুবল থকা হ'লে, তেওঁ এনে
কাম নকৰিলেহেঁতেন, কিন্তু এনে কৰাত তেওঁৰ অসাধাৰণ
মনোবল প্ৰকাশ পাইছিল। কিয়নো, তেওঁ দেখিলে, যে কুৱঁৰীয়ে
একোপধ্যে তেওঁৰ কথা নকয়, আৰু তেওঁ চিনাকি দিলে কুৱঁৰীৰ
মহাব্ৰত সাধনাৰ বাটত বিধি-পথালি দিয়া হয় মাথোন, আৰু তেওঁৰ
জীৱনৰ মহৎ উদ্দেশ্যও লগে লগে সাং-হয়, সেই দেখি তেওঁ
কুঁৱৰীক শেষবাৰ চাই লৈ সেই ঠাইৰ পৰা গম্ভীৰ ভাৱে বিদায়
ল'লে। তেতিয়াৰে পৰা গদাপাণি আৰু জয়মতীৰ দেখা-সাক্ষাৎ
হোৱা নাই।
গদাকোঁৱৰে জয়মতীক তাতে এৰি ছদ্মবেশেৰে নগাৰ চাঙে চাঙে ফুৰিবলৈ ধৰিলে। পোনতে নগাপৰ্ব্বততে কিছুমান দিন থাকিল। ইতিমধ্যে জয়মতীয়ে ল'ৰা-ৰজাৰ পিশাচ চাউডাংহঁতৰ হাতত নশ্বৰ দেহা এৰি স্বৰ্গী হ’ল। গদাপাণিয়ে নামচাং, টাব্লুং ইত্যাদি নগাপৰ্ব্বতবোৰৰ আজি ইটো টিলাত কালি সিটো টিলাত থাকি মাজে মাজে পান, কচু, আলু, জলকীয়া আদি বেচিবলৈ অহাৰ ছলেৰে ভৈয়ামলৈ নামি নগৰৰ গম-গতি বুজি যায়হি, আৰু মাজে মাজে শাহুৱেকৰ ঘৰত সোমাই লাই-লেচাইক চাই যায়। নগা পৰ্ব্বততো কোঁৱৰ নিৰাপদ নাছিল; তাতো ৰজাৰ চৰবিলাকে কেইবাবাৰো তেওঁৰ প্ৰাণ ল’বলৈ চেষ্টা কৰিছিল। কিন্তু ঈশ্বৰৰ অনন্ত মহিমাত তেওঁৰ প্ৰাণ লবলৈ কোনো সমৰ্থ ন’হল; পৰমেশ্বৰে স্বয়ং তেওঁক সকলো অমঙ্গলৰপৰা ৰক্ষা কৰিছিল।