পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
সাহিত্য


এইজনা কোঁৱৰৰ প্ৰাণ বধিবলৈকে মনে মনে আদেশ দিছিল। গদাপাণি তেতিয়া নিৰুপায় হল; ৰজাৰ প্ৰবল আৰু অসংখ্য চৰিয়াৰ আগত অকলে কেনেকৈ ঠাৱৰিব। ইয়াৰ একো উপায় নাপাই সতী হেন পত্নী আৰু গণেশ-কাৰ্ত্তিক হেন পুত্ৰক ঈশ্বৰৰ কৰুণাত সমৰ্পণ কৰি তেওঁ ছদ্মবেশ ধৰি নগাপৰ্ব্বতৰ ফালে আঁতৰি গ'ল।

 সেই অৱসৰতে ল’ৰা-ৰজাই গদাপাণিৰ পত্নী জয়মতীক ধৰাই নি নানা শাস্তি দি কোঁৱৰৰ সম্ভেদ বাতৰি উলিয়াবলৈ কুকুৰাচোৱা চাউডাঙক আজ্ঞা দিলে। নানা যন্ত্ৰণা ভুঞ্জিও জয়মতীয়ে তেওঁৰ গৃহস্থৰ বাতৰি কৈ নিদিলে। গদাপাণিয়ে কেনেবাকৈ পত্নীৰ এনে অৱস্থাৰ কথা ভু পাই মৰসাহ দি যন্ত্ৰণা দিয়া ঠাইলৈ আহিল, আৰু ছেগ চাই তিনিবাৰ জয়মতীৰ ওচৰলৈ গ'ল, কিন্তু তেওঁ নিজৰ চিনাকি নিদিলে। চাউডাংহঁত যাতনা দিয়া ঠাইলৈ আহিলে তেওঁ আঁতৰি গৈ একান্তমনে আৰু বেজাৰেৰে নিজ পত্নীৰ পিচলৈ চাই থাকে, কিন্তু একোকে নামাতে, মাত দিলেই ৰজাৰ সেনাই চিনি পাব, আৰু তেওঁৰ জীৱনৰ উদ্দেশ্য দুপতীয়াতে জঁয় পৰিব। তৃতীয়বাৰ ওচৰলৈ যাওঁতে কুঁৱৰীয়ে চিনি পাই কথাৰ ইঙ্গিতেৰে কোঁৱৰক সেই ঠাইৰপৰা যাবলৈ ক'লে। গদাপাণিয়ে আগ-পাচ ভাবি চিন্তি চন্দ্ৰ-সূৰ্য্যক সাক্ষী কৰি সেই ঠাইৰপৰা অগত্যা আকৌ আঁতৰ হল।

 গদাপাণি এজন বীৰ হৈয়ো, যে পত্নীক এনে দুৰ্দ্দশাৰপৰা