পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ ভাগ আম ছোৱালীটিৰ এহাতে এটা বাঁহী আৰু আনখন হাতত কিছুমান খোৱা বস্তু আছিল। ছোৱালীটিৰ আকৃতিৰপৰ৷ সকলোৱে তেওঁক আগৰ গুলী খাই মৰা লৰাটিৰ ভনীয়েক বুলি বুজিব পাৰিলে। সেই লৰাছোৱালী দুটিৰ আঁতিগুৰি জানিবৰ কাৰণে বহুত চেষ্টা কৰাৰ পিচত বুজিব পৰা গল যে তেওঁবিলাক দুয়ো নবাব মীৰকাছিমৰ মৰমৰ যুঁজা সন্তান ‘গুল' আৰু ‘বাহাৰ’। লৰা ছোৱালী দুটিয়ে সমাধি ক্ষেত্ৰত লুকাই থকা পিতাকলৈ সেইদৰে ৰাতি বাঁহী বজাই খোৱ৷ বস্তু লৈ গৈছিল। • লৰা ছোৱালী দুটিৰ প্ৰকৃত জীৱনী জানিব পাৰি সকলোৱে তেওঁবিলাকৰ দুখ লগা মৃত্যুত মনত বৰ কষ্ট পালে। ক্লাইবেও সেই পিতৃভক্ত ককায়েক-ভনীয়েকৰ সমাধিৰ ওপৰত এটা সুন্দৰ মছজিদ নিৰ্ম্মাণ কৰাই দিয়ালে। মছজিদৰ গাত তেওঁবিলাকৰ পৰিচয় আৰু অপূৰ্বৰ্ব্ব পিতৃভক্তিৰ বিষয়ে লিখাই ৰাখিলে। অনুশীলন 30 ১। বানান আৰু অৰ্থ শিকা :- পাৰ্গত, আক্ৰমণ, সমাধিক্ষেত্ৰ, নিৰ্জন, আঁতিগুৰি, বাঁহী। পাৰ্গত—কোনো বিষয়ে ভালকৈ জনা। ১। গুল আৰু বাহাৰৰ অপূৰ্ব্ব পিতৃভক্তিৰ বিষয়ে চমুকৈ লিখা। ৩। ক্লাইব চাহাবে তেওঁবিলাকৰ স্মৃতিৰক্ষাৰ কাৰণে কি কৰিছিল? ৪। গুল বাহাৰৰ কেনেকৈ মৃত্যু ঘটিল?