পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য পাঠ কাৰণ বিচাৰি উলিয়াবলৈ এই ঘোৰ নিশা কোনেও সমাধি ভূমিলৈ যাবলৈ সাহ নকৰিলে অৱশেষত কলিকতাৰ ইংৰাজ শাসনকৰ্ত্তী ক্লাইব চাহাবৰ ওচৰলৈ এই খবৰ পঠোৱ৷ ইল। খবৰ পাই তেওঁ দুৰ্গত উপস্থিত হলহি। তেওঁ দুপৰ নিশা আগৰ দৰেই সেই হুমধুৰ বাঁহীৰ মাত শুনিবলৈ পালে। ক্লাইব চাহাৰ বৰ সাহিয়াল পুৰুষ আছিল। যিফালৰপৰা বাঁহীৰ মাত আহিছিল, সেইফালে অনুমান কৰি তেওঁ আগুৱাই যাবলৈ ধৰিলে সমাধি ক্ষেত্ৰৰ ওচৰ পাই তেওঁ বাঘ এটা লৰ মাৰি যোৱা যেন দেখিবলৈ পালে। তেওঁ ততালিকে সেই বাঘৰ ফাললৈ বন্দুক মাৰিলে। নিমিষতে বাঘটো মাটিতে লুটিখাই পৰিল। ক্লাইব ওচৰলৈ গৈ দেখিলে বাঘৰ ছালেৰে ঢকা এটি সুন্দৰ লৰা। লৰাটিক দেখি ক্লাইব বৰ আঁচৰিত হল। লৰাটিৰ এখন হাতত এটি বাঁহী আৰু আনখন হাতত এটি খোৱা বস্তুৰ পাত্ৰ আছিল। লৰাটিৰ প্ৰাণৰক্ষাৰ কাৰণে ক্লাইবে বহুত যত্ন কৰিলে, কিন্তু একো ফল নহল। কি কাৰণে বা লৰাটিয়ে মাজ নিশ৷ হাতত খোৱা বস্তু লৈ সমাধি ক্ষেত্ৰলৈ গৈছিল তাৰ কাৰণ কোনেও বুজিব নোৱাৰিলে। ক্লাইবৰ আদেশত গঙ্গাৰ পাৰত লৰাটিক সমাধি দিয়া হল। পিচদিন৷ ৰাতি আকৌ বাঁহীৰ মাত শুনিবলৈ পোৱা গল। সেই দিনাও এজন সৈন্যই এটা বাঘৰ নিচিনা জন্তু দেখি গুলী কৰিলে। ততালিকে বাঘটো মাটিত বাগৰি পৰিল। এইবাৰে৷ ওচৰলৈ গৈ দেখে যে এইটে৷ বাঘ নহয় বাঘৰ ছালেৰ ঢকা সুন্দৰী ছোৱালীহে। ছোৱালীটিৰ প্ৰাণবায়ু সেই মূহূৰ্ত্তে বাহিৰ হৈছিল। games