পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিতৃভক্তি বঙ্গদেশৰ শেহ নবাব মীৰকাছিমৰ দুটি যঁজা লৰা ছোৱালী আছিল। লৰাটিৰ নাম গুল আৰু ছোৱালীটিৰ নাম বাহাৰ থৈছিল। 'গুল' শব্দৰ অৰ্থ ফুল আৰু ‘বাহাৰ' শব্দৰ অৰ্থ সৌন্দৰ্য্য। লব। ছোৱালী দুয়োটি সঙ্গীত বিদ্যাত বৰ পাৰ্গত আছিল। তেওঁবিলাকে এনে স্তবলা গীত গাব পাৰিছিল যে যেয়ে তেওঁবিলাকৰ গীত শুনিছিল সেয়ে মোহিত হৈছিল। মীৰকাছিমৰ লগত ইংৰাজৰ বিবাদ হয়। এই বিবাদ লাহে লাহে বাঢ়ি গৈ দুয়োদলৰে ভিতৰত এখন ডাঙৰ যুঁজ হয়। ইংৰাজে বলেৰে মুঙ্গেৰৰ দুৰ্গ আক্ৰমণ কৰে। ইংৰাজৰ হাতত কোনো ৰকমে ৰক্ষা পোৱাৰ আশা নেদেখি নবাব মীৰকাছিমে লৰা ছোৱালী দুয়োটিকে দুৰ্গ এৰি কোনো নিৰাপদ ঠাইলে যাবলৈ উপদেশ দিলে। পিতৃৰ আদেশত ককায়েক ভনীয়েক দুয়োজনে দুৰ্গ এৰিবলৈ সাজু হল। দুৰ্গৰ অলপ দূৰত এখন নিৰ্জ্জন সমাধিক্ষেত্ৰ আছিল; নবাবে তাত লুকাই থাকিলগৈ। লৰা ছোৱালী দুটিয়ে পিতাক লুকাই থকা সমাধি ক্ষেত্ৰৰ ওচৰৰ গাওঁ এখনত থাকিল। নিতৌ ৰাতি গুল অৰুি বাহাৰে গোপনে পিতাকক আহাৰ যোগাবলৈ ধৰিলে আৰু সুমধুৰ বাঁহীৰ মাতেৰে পিতাকৰ মনৰ কষ্ট দূৰ কৰিবলৈ চেষ্টা কৰিলে। ইংৰাজৰ সেনাবিলাকে এদিন এই দুপৰ নিশা এনেকুৱা সুলিলত বাঁহীৰ মাত শুনি বৰ আচৰিত মানিলে; কিন্তু ইয়াৰ