পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য পাঠ মুঠি খাই বৰ তৃপ্তি পালোঁ, এইদৰে আগ্ৰহৰে নিজৰ মুখৰ ভাতকিটা মগনীয়াক খাবলৈ দিয়া কেইজন মানুহ আছে? আপোনালোকক ঈশ্বৰে মঙ্গল কৰক।” এই বুলি আশীৰ্বাদ দি তেওঁবিলাক তাৰপৰা গুচি গল। সেই দিনাৰ পিচৰেপৰা দুখীয়৷ মানুহজনৰ অৱস্থা দিন দিনে ভাল হৈ আহিবলৈ ধৰিলে। নাৰায়ণে লক্ষ্মীকে সুধিলে, “এতিয়৷ কোৱাচোন, মন ডাঙৰ নৈ ধন ডাঙৰ? লক্ষ্মীয়ে কলে, “আপোনাৰ কথাই সঁচা, ধনতকৈ মনহে ডাঙৰ৷ ধন থাকিলেই নহয়, মন নহলে ধন থাকিলেও একে৷ ডাঙৰ কাম কৰিব নোৱাৰি।” অনুশীলন ১। বানান আৰু অৰ্থ শিকাঃ--- লক্ষ্মী, দৃষ্টান্ত, অন্যমনস্ক, দৌৰাত্ম্য, গম্ভীৰ, গৃহ, আনন্দ। তিনিলোক—স্বৰ্গ, মৰ্ত্য, আৰু পাতাল। ২। ধন আৰু মনৰ ভিতৰত কোন ডাঙৰ?