পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ ভাগ কোনো ৰকমে তেওঁ বিলাকে দুবেলা দুসাজ খাবলৈ পাইছিল। তেওঁ বিলাকৰ মনত কোনো দুখ কষ্ট নাছিল; নিজৰ অৱস্থাতে সদায় সুখী আছিল। দুপৰীয়৷ ঘৈণীয়েকে মজিয়াত ভাত বাঢ়ি গিৰীয়েক আহিবৰ কাৰণে বাট চাই আছে। গিৰীয়েকেও গা-পা ধুই ভাত খাবৰ কাৰণে মজিয়াৰ ফালে খোজ লৈছে, এনেতে দুৱাৰ মুখত মানুহৰ মাত শুনি তেওঁ বাহিৰলৈ ওলাই আহিল। তেওঁ দেখিলে এজন পুৰুষ আৰু ৰজনী তিৰোতা তেওঁৰ দুৱাৰ মুখত থিয় হৈ আছে। তেওঁ ক দেখামাত্ৰকে তিৰোতাৰ্জনীয়ে কলে, “দেউতা, আজি আমি বৰ বিপদত পৰি এইখিনি পাইছোঁহি। আজি তিন দিন আমি অনাহাৰে আছোঁ, কত ঠাই ঘূৰিলে৷; কোনেও দয়৷ কৰি ভাত এমুঠি খাবলৈ নিদিলে। আপুনি যদি আজি ভাত এমুঠি দি আমাৰ প্ৰাণ ৰক্ষা নকৰে আমি মৰিম।” মগনীয়াৰ দুখৰ কথা শুনি তেওঁৰ মনত বৰ কষ্ট লাগিল। তেওঁ ভালকৈ বুজিছিল, তেওঁ বিলাকলৈ ৰন্ধ৷ ভাতকিটাৰ বাহিৰে ঘৰত আৰু একো বস্তুৱেই নাই। তথাপি তেওঁ মগনীয়৷ দুজনক নিৰাশ নকৰিলে। সিহঁতক বাহিৰতে বহুৱাই থৈ ভিতৰলৈ আহি তেওঁ ঘৈণীয়েকৰ আগত সকলো কথা কলে। তেওঁ কলে, “আজি আৰু আমি ভাত নাখাও ৱেই দিয়া, দুজন মগনীয়া আহিছে, তেওঁ বিলাকে বোলে আজি তিন দিন একো খাবলৈ নাপাই মৰিবলগীয়া হৈছে। আমালৈ ৰন্ধা ভাতকিটাকে তেওঁলোকক খাবলৈ দিয়া।” ঘৈণীয়েকে কলে, “এৰা, দুপৰীয়াৰ মগনীয়া বিমুখ কৰিব নাপায়, আমি এসাজ নাখালে একো নহয়।” গৃহস্থ, গৃহস্থনী দুয়োজনে বৰ আনন্দ মনেৰে মগনীয়া দুজনক ভাত খুৱালে। ভাতপানী খাই উঠি ছদ্মবেশী মগনীয়াই কলে, “আজি ভাত