পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য পাঠ লাগে।” পিতাকে কলে, “ক’ত ইয়াত ভাত পাব? চাউল দি পঠিয়াই দেগৈ। পুত্‌েেক কলে, “সিহত নাযায়, আজি ভাত নিদিলে হেনে৷ সিহঁত আমাৰ ইয়াতে থাকিব।” পিতাকে কলে—“এই লৰাটোৱে কি মিছা-মিছিকৈ আমনি কৰি থাকে, চাউল নলয় যদি খেদাই দিব পায় সিহঁতক কি লাগে কি নালাগে কোনে সুধি থাকিব? মগনীয়া ক যিমান পায় সিমানে লাগে। চাওঁ, ক'ত আছে তোৰ মগনীয়া, মই এতিয়াই সিহতক হুদুঃখেদা দিম।” এই বুলি কৈ সদাগৰে ভোঁ ভোঁ কৰে বাহিৰৰ ফালে ওলাই গল। যাওঁতে তেওঁ মুখেৰে ৰকি যাবলৈ ধৰিলে—“এইবোৰে কাম কাজ নকৰি কেৱল মাগি খাবলৈহে আহে কোনোবাই যেন সিহঁতলৈ ভাত ৰান্ধিহে থৈছে; চাউল কিটা যে মিলে তাকে বহুত বুলি ভাবিব লাগে, দিনে দিনে মগনীয়াৰ সাহ বাঢ়িহে গৈছে। ইহঁতৰ দৌৰাত্ম্যত মানুহ থাকিব নোৱাৰা হল” ইত্যাদি কথা বলকি তেওঁ যেতিয়া দুৱাৰ মুখ পালেহি, কাকো ক'তো নেদেখি পুতেকক সুধিলে, “কতা তোৰ মগনীয়৷?” লৰাটোৱে কলে, “সিহঁত গুচি গল হব পায়।” পিতাকে কলে, “আগলৈকো মগনীয়াৰ লগত এনেকৈ কথা পাতি সিহঁতক আশয় নিদিবি। কথা সুধিলে সিহঁহঁতে বৰ চল পায়।” এই বুলি কৈ তেওঁ ঘৰৰ ভিতৰলৈ সোমাই গল। ধনীৰ দুৱাৰ মুখৰপৰ৷ সেইদৰে খেদা খাই নাৰায়ণে কলে, “এতিয়া ব’লা মোৰ ভক্ত উদাচৰিত্ৰ য'ত আছে তালৈ যাও।” দুয়ো এজন বৰ দুখীয়া অৱস্থাৰ মানুহৰ ঘৰৰ দুৱাৰ মুখত থিয় হলহি। মানুহজন বৰ দুখীয়া, ঘৈণীয়েকৰ বাহিৰে আৰু তেওঁৰ কোনো নাছিল।