পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ ভাগ স্বামীৰ কথা মানি নললে। তেওঁ কলে, “ধনহে সকলোতকৈ ডাঙৰ; যাৰ ধন আছে তাক সকলোৱে সম্মান কৰে; তেওঁৰ যি ইচ্ছা যায় তাকে কৰিব পাৰে; তেওঁ দুখীয়াৰ দুখ গুচাব পাৰে আৰু সকলোৰে উপকাৰ সাধন কৰিব পাৰে। যাৰ ধনৰ অভাৱ তেওঁ কোনো ডাঙৰ কাম কৰিব নোৱাৰে, তেওঁৰ মনৰ ইচ্ছা মনতে মাৰ যায়। তাৰ উপৰি নিৰ্ধনীক সকলোৱে অনাদৰ কৰে।” নবায়ণে দেখিলে যে, এই বিষয়ে দৃষ্টান্তৰ দ্বাৰা প্ৰমাণ দিব নোৱাৰিলে লক্ষ্মীয়ে বিশ্বাস নকৰে। তেওঁ লক্ষ্মীদেৱীক কলে,“ ব’লা | আমি পৃথিবীলৈ গৈ এই কথাৰ মীমাংসা কৰোঁ। পৃথিবীত কাক তুমি ডাঙৰ বুলি ভাবা আগেয়ে তেওঁৰ তালৈকে যাওঁ ব’লা।” লক্ষ্মীয়ে কলে, “ধনীৰাম সদাগৰ মোৰ বৰ ভক্ত, তেওঁৰ সমান ধনী কোনো নাই। পৃথিবীত তেৱেঁই সকলোতকৈ ডাঙৰ, ব'লক আমি তেওঁৰ ঘৰলৈ যাওঁ।” তেওঁ বিলাক দুয়োজনে ভিক্ষুকৰ বেশ ধৰি ধনীৰামৰ দুৱাৰত থিয় দিলেহি। ধনী সদাগৰৰ ঘৰ দুৱাৰ দেখিলে মানুহৰ মন প্ৰাণ হৰে। লৰা-ছোৱালীয়ে, বন্দী-বেটীয়ে, গাড়ী-ঘোঁৰাই ধনে-সম্পত্তিয়ে ধনী সদাগৰৰ ঘৰ নদন-বদন। ইমান: ধন-সম্পত্তি থকা সত্বেও সদাগৰে সদায় সৰু-সুৰা কথাবিলাকলৈও কাণ দিছিল। লৰা এটি আহি সদাগৰক কলে, “দেউতা, দুৱাৰ মুখত এযোৰা মগনীয়া ৰৈ আছে। এটা পুৰুষ’, এজনী তিৰোতা : পুৰুষটো কণা, তিৰোতা জনীয়ে তাক ধৰি আনিছে।” লৰাটোৰ কথাত ৰাধা দি:সদাগৰে কলে “ইমানবোৰ কথা নালাগেচোন, চাউল দুটামান দি সিহঁতক পঠিয়াই দেগৈ৷” “মই চাউল দিছিলে। সিহঁতে নললে; সিহঁতে বোলে আজি তিনদিন একোকে খোৱা নাই, সিহঁতৰ বৰ ভোক লাগিছে বোলে, ভাত