পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধন ডাঙৰ নে, মন ডাঙৰ এদিন বৈকুণ্ঠপুৰীত লক্ষ্মী আৰু নাৰায়ণে বহি কথা পাতি আছিল। হঠাৎ নাৰায়ণে অন্যমনস্ক হৈ গম্ভীৰ ভাৱ ধাৰণ কৰিলে। নাৰায়ণক তেনে কৰ৷ দেখি লক্ষ্মীয়ে সুধিলে, “প্ৰভু, আপুনি হঠাৎ কিয় এনেকুৱা কৰিছে, আপোনাৰ কি হল?” নাৰায়ণে কলে, “মই এনেকুৱা কৰাত তুমি বেয়া নাপাবা। পৃথিবীত মোৰ ভক্তসকলে মোৱ নাম লৈছে, মই তাকে শুনিছোঁ। ভক্তসকলে যেতিয়া মোক স্মৰণ কৰে, মই তেওঁবিলাকৰ ওচৰলৈ নোযোৱাকৈ স্থিৰেৰে থাকিব নোৱাৰোঁ। যদিও এই · তিনি লোকত মোক কোনেও জিনিব নোৱাৰে তথাপি ভক্তৰ গুৰিত মই সদায় পৰাজিত। মোৰ ভক্ত- সকল উদাৰ চৰিত্ৰৰ। এই পৃথিবীৰ ভিতৰত তেওঁবিলাকেই সকলোতকৈ ডাঙৰ। স্বামীৰ কথা শুনি লক্ষ্মীদেবীয়ে কলে, “আপুনি আজি মোক এটা কথাৰ উত্তৰ দিব লাগিব। মোৰ বোধেৰে পৃথিবীৰ ভিতৰত ধনী মানুহ এটাইতকৈ ডাঙৰ। আপুনি কৈছে যাৰ মন উদাৰ তেওঁ হে পৃথিবীৰ ভিতৰত ডাঙৰ মানুহ। কিন্তু আজি মোক প্ৰমাণ দি বুজাব লাগিব, যথাৰ্থতে কি ডাঙৰ, ধন নে মন।” লক্ষ্মীৰ কথা শুনি নাৰায়ণে অলপ পৰ টলকা মাৰি ৰৈ থাকি কলে “মই কওঁ মনহে ডাঙৰ, কিয়নো ভাবি চোৱাচোন মুনি ঋষি সকলৰ ধন সম্পত্তি একো নাই, তথাপি মনৰ উদাৰতাৰ কাৰণেই তেওঁ বিলাক, সকলোৰে পূজনীয়। ৰজায়ে৷ মুনিক সম্মান কৰে।” লক্ষ্মীয়ে কিন্তু