পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুর্থ ভাগ অৱশেষত ব্ৰহ্মাই প্রহলাদক কলে, “বাছা, তুমি নৰসিংহৰ খং মাৰ নিনিয়ালে আৰু নিৱাওঁতা মান কোনো নাই।” ব্রহ্মাৰ কথা শুনি প্ৰহ্লাদে ভয়ে ভয়ে নৰসিংহৰ ওচৰ চাপি তেওঁৰ ভৰিত পৰি তুতি কৰিবলৈ ধৰিলে। ভক্ত প্রহ্লাদৰ তুতিত হৰি সন্তুষ্ট হৈ তেওঁক কি বৰ লাগে সুধিলে । প্রহ্লাদে কলে’ “প্রভু, মোক একো নালাগে মাত্ৰ মোৰ যেন সদায় তোমাত ভক্তি আৰু বিশ্বাস থাকে। প্রভু, তুমি যেন মোৰ পিতৃৰ সদগতি কৰা, তেওঁ তোমাক নিন্দা কৰি ঘোৰ অপৰাধ কৰিলে; প্রভু, তুমি কৃপা কৰি তেওঁৰ আত্মাৰ কল্যাণ কৰা যেন।” নৰসিংহই হাঁহি ক'লে, “তুমি পিতাদেৱৰ কাৰণে ভাবিব নালাগে তুমি যাৰ পুত্ৰ, তাৰ এশ পুৰুষ উদ্ধাৰ হল। এতিয়া পিতৃৰ ৰাজ্যভাৰ তুমি গ্ৰহণ কৰা। কৰ্ম্মবিহীন জীৱন সম্পূর্ণ নহয়, কৰ্ম্ম কৰি জীৱন কটোৱা ৷ তোমাৰ সংসাৰৰ কাম শেষ হলে অৱশেষত মোক পাবা।” প্ৰহ্লাদক এই বুলি উপদেশ দি নৰসিংহ অন্তৰ্দ্ধান হল। প্ৰহহ্লাদে ন্যায় ধৰ্ম্মেৰে ৰাজত্ব কৰি অন্তিমত ঈশ্বৰক লাভ কৰি কৃতার্থ মানিলে অনুশীলন ১। বানান আৰু অৰ্থ শিক) :–ধাৰ্ম্মিক, শান্ত, কীৰ্ত্তন, স্ফটিক, সংসাৰ, স্তম্ভ; ৰাক্ষস; কৰ্ম্ম, বিৰত, সদগতি, অন্তৰ্দ্ধান। ২। গ্ৰহহ্লাদৰ বিষয়ে কি জানা কোৱা ? ৩। হবিয়ে কেনেকৈ ভক্তৰ বাক্য সত্য কৰিলে ? ৪। নৰসিংহৰ খং কেনেকৈ কমিল; আৰু প্রহলাদক কি উপদেশ দিলে।