পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিকিছে আৰু আন লৰাবোৰকো শিকাইছে, মিছাতে আমাৰ ওপৰত পুতেকৰ নামে এনে কথা শুনি ৰজা খঙত অস্থিৰ হল আৰু নানা দুৰ্গতি কৰি তেওঁ'ক ভয় দেখুৱাই হৰিনাম লোৱাৰ পৰা বিৰত কৰিবলৈ চেষ্টা কৰিলে। প্ৰথমতে প্ৰহলাদক পববতৰ ওপৰত তুলি মাটিলৈ পেলোৱ৷ হল, তাতে৷ তেওঁ নমৰিল। সাপেৰে খোঁটালে, সাগৰ দাঁত ভাঙ্গি গল। হাতীৰে প্ৰহহ্লাদক গচকোৱা হল, জুইত পেলোৱা হল, মাটিত গাঁত খানি পোতা হ'ল, একোতেই প্ৰহলাদ নমৰিল দেখি সকলোৱে আচৰিত মানিলে। প্ৰহলাদে নিৰ্ভয় মনে নম্ৰভাৱে পিতাকৰ ভৰিৰ ওচৰত থিয় হৈ বল। দৈত্যপতিয়ে খঙেৰে পুতেকক সুধিলে, “নৰাধম, তই যে হৰি হৰি কৰি থাক, তোৰ হৰি ক'ত আছে। প্ৰহলাদে নম্ৰভাৱে উত্তৰ কৰিলে, “মোৰ ক হৰি সকলো ঠাইতে আছে, এই আগত থকা স্ফটিকৰ স্তস্ততো মই হৰিক দেখিছোঁ।” প্ৰহলাদৰ কথা শুনি দৈত্যপতিয়ে ভৰিৰে গোৰ মাৰি স্তম্ভ ভাঙ্গি পেলালে। ভক্তৰ বাক্য সত্য কৰিবৰ কাৰণে হৰিয়ে নৰসিংহৰ ৰূপ ধৰি সিংহনাদ কৰি স্তম্ভৰ পৰা বাহিৰ হল। নৰসিংহৰ গৰ্জ্জন শুনি দৈত্যেন্দ্ৰৰ ভয়ত প্ৰাণ উৰি গল। নিমিষতে নৰসিংহই নখেৰে দৈত্যেন্দ্ৰৰ বুকু বিদাৰি পেলালে। হিৰণ্যকশিপুক বধ কৰি নৰসিংহই খঙত চাৰিওফালে চাবলৈ ধৰিলে। ভয়ত সকলো দৈত্য পলাই ফাঁট মাৰিলে। নৰসিংহৰ ভীষণা মূৰ্তি দেখি স্বৰ্গৰ দেৱতা সকলো ভয়ত অস্থিৰ হল। ঘোৰ প্ৰলয়ৰ আশঙ্কা কৰি তেওঁ বিলাকে আহি নৰসিংহক তুতি কৰিবলৈ ধৰিলে; কিন্তু কোনো ৰকমেই তেওঁ বিলাকে নৰসিংহৰ খং মাৰ নিয়াব নোৱাৰিলে।