পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ ভাগ অনুশীলন ১। বানান আৰু অৰ্থ শিকা :—ঈশ্বৰ, সৃষ্টি, অসীম, জীৱন, সুৰুঙা, শুৱনি, হাঁহি, উজ্জ্বল, স্বৰ্গৰ, জেউতি, জিলিকনি, তৰা বছা, আমোলমোল। ২। ওপৰৰ কবিতাটিৰ পৰ৷ কি শিক্ষা পালা নিজৰ ভাষাত লিখা। প্ৰহ্লাদ প্ৰহলাদ দৈত্যৰ ৰজা হিৰণ্যকশিপুৰ পুতেক। লৰাকালৰে পৰা তেওঁ হৰিৰ উপাসক আছিল। দিনে ৰাতিয়ে তেওঁ হৰিৰ নাম কীৰ্ত্তন কৰি ভাল পাইছিল আৰু লগৰ লগৰীয়াবোৰকে৷ হৰিনাম লবলৈ শিকাইছিল। এদিন পিতাকে প্ৰহলাদক মৰম কৰি কোলাত লৈ সুধিলে, “বাপু, ইমান দিন গুৰুৰ ওচৰত কি শিকিলা?” প্ৰহলাদে কলে, “পিতা, হৰিহে আচল, তেওঁৰ বাহিৰে সকলো মিছা।” পুতেকৰ কথা শুনি ৰজাৰ খং মূৰৰ চুলিৰ আগ পালেগৈ আৰু পুতেকক কলে, “আমাৰ দৈত্যৰ ধৰ্ম্ম এৰি এইবোৰ তই কি শিকিছ? হৰি মোৰ ভাতৃ-বৈৰী, তই তাৰে পূজা কৰিছ? পৃথিবীত মোৰ বাহিৰে আন কোনো পূজ্য নাই।” প্ৰহহ্লাদে পিতাকৰ আগত নানাভাৱে ধৰ্ম্মৰ কথা কবলৈ ধৰিলে। প্ৰহলাদৰ কথা শুনি দৈত্যপতি খঙত জ্বলি উঠিল। গুৰুক মাতি আনি গৰ্জ্জন কৰি তেওঁ কবলৈ ধৰিলে, “মূৰ্খ, লৰাক এইবোৰ কি শিকাইছ?” গুৰুৱে কলে, “দৈত্যপতি, আপোনাৰ লৰাক আমি এইবোৰ একো শিকোৱা নাই, সি নিজে নিজেই