পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য পাঠ ঝুৰুঙাৰ মাজে মাজে বঙা ডাৱৰৰ, সন্ধিয়াৰ ৰঙা বেলি বিতৰে পোহৰ; সোণোৱালি জিলিকনি চাই একে থৰে, ভাবে। আমি সেই পিনে বাট স্বৰ্গৰে; ৰাঙলী বেলিৰ সেই কোমল কিৰণ, উজ্জ্বল জেউতি প্ৰভু, তোমাৰ সৃজন। তৰ৷-বছ৷ পাখিবোৰে নিশাৰ শুৱনি, যেতিয়৷ ধৰেহি ঢাকি আকাশ অৱনী, পৰে যেন কল৷ এটি চৰাই ধুনীয়া, গোট গায়ে গুটি ফুল সোণ-বৰণীয়া স্বৰগৰ তৰা আৰু পৱিত্ৰ আন্ধাৰ, অলেখ অসীম মহা মহিমা তোমাৰ। (8) গাভৰু বসন্ত আহি হলে উপস্থিত, তোমাৰ সুদৃষ্টি পৰি ফুলে ফুলনিত, বসন্তৰ যত ফুল ধুনীয়৷ ধুনীয়া, গোন্ধতে আমোলমোল নান৷ বৰণীয়া। জিলিকে জেউতি তযু যেই পিনে চাওঁ, সুন্দৰ তোমাৰ সৃষ্টি মাথোঁ দেখা পাওঁ। -আনন্দচন্দ্ৰ আগৰৱ