পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ওপৰঞ্চি।


উদাহৰণ দিয়া । বাচ্য মানে কবলগীয়া । ব্যাকৰণত কথা কোৱা বা লিখাৰ ধৰণকেই বাচ্য বোলে। ই ঘাইকৈ তিনি প্রকাৰ ——(১) কর্ত্তৃবাচ্য-কৰ্ত্তা প্রধান—যেনে, চিকাৰীয়ে বাঘটোক মাৰিলে । মই বহিলোঁ । (২) কর্মবাচ্য - কৰ্ম্ম প্রধান—যেনে, চিকাৰীৰ দ্বাৰা বাঘটো মৰা হ'ল। (৩) ভাববাচ্য—ক্ৰিয়াৰ ভাব প্রধান——যেনে, মোৰ বহা হ'ল। ইয়াৰ বাহিৰে কর্ত্তৃকৰ্ম্ম বাচ্য- - ক্রিয়াই প্রধান—যেনে, আমটো সৰিল।

—নাইবা——খা’ ধাতু নিত্য বৰ্ত্তমান আৰু ‘ৰ’ ধাতু অপূর্ণভূত কালত ৰূপ লিখা ।

৭। কাৰক বোলে আৰু কেই বিধ ? প্রত্যেকৰ একোটাকৈ ঊদাহৰণ দিয়া।  

 --নাইবা—তলত দিয়া বাক্যটোৰ প্রত্যেক পদৰ অন্বয় কৰা।— “উস্ সেই কেচুৱাল’ৰাটোৱে বৰকৈ কান্দিছে।”

[উস্—ভাব বোধক অব্যয়, সেই-বিশেষণ সৰ্ব্বনাম, কেচুৱা—বিশেষ্যৰ বিশেষণ, ল'ৰাটোক–বিশেষ সংজ্ঞাবোধক বিশেষ্য, বৰকৈ—ক্রিয়া বিশেষণ, কান্দিছে—অকর্ম্মক সমাপিকা ক্রিয়া । পদবোৰ এইদৰে ঠিক কৰি লই আগৰ দৰে অন্বয় কৰা । ]

 ৮। তলত দিয়া পদ কেইটাৰ বিশেষ্যক বিশেষণলৈ আৰু বিশেষণক বিশেষ্যলৈ নিয়া—ভাদ, ভদ্র, খং, গুণী, ঘৰ, বনৰীয়া ।  

[আগৰ দৰে পাতি বিশেষ্য-ভদ্রতা, গুণ, বন; বিশেষণ—ভদীয়া, খঙাল, ঘৰুৱা লিখা ]

 ৯। লিঙ্গান্তৰ কৰা — গৰুটো, শৰ, কান্দুৰী, শ্রীমতী । 

— নাইবা — পৰা, সম, অভি, অপ-প্রত্যেক উপসর্গেৰে একোটা বাক্য সাজা ।

 ১০। (ক) তলৰ যেই সেই ৩টা পদৰ ব্যাস বাক্যেৰে সৈতে সমাস লিখা—৬