পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি তুলনাভ নিজক অতি ক্ষুদ্ৰ অতি নগণ্য গনি নিজৰ হীনতা স্বীকাৰ কৰিছে আৰু নম্ৰতা প্ৰকাশ কৰিছে। কবিয়ে এই ছোৱাটো কৈছে যে, অন্তহীন সীমাহীন বিশ্ব জগতৰ অসংখ্য ধূলি অৰ্থাৎ জীৱ জন্তুৰ ভিতৰৰে তেৱে। এটি ধূলি-কণা বা জীৱ। তেওঁৰ বিহনে অৰ্থাৎ তেওঁ মৰিলে, পৰমেশ্বৰৰ এই প্ৰকাণ্ড সৃষ্টিৰ কোনো ফালে অকণো ক্ষতি নহয়। কাৰণ তেওঁ সৃষ্টিৰ কোনো এটা বিশেষ অংশ নহৰ। এয়ে তেওঁৰ ক্ষুদ্ৰতা স্বীকাৰ আৰু নম্ৰতা প্ৰকাশ। ৪। (ক) তলত দিয়া যেই সেই এটা কবিতা নাইবা প্ৰৱন্ধৰ সাৰাংশ লিখা— সুখ, বন-বৰাগী, ভালৰে৷ ভাল কাম। (খ) তলত দিয়াবিলাকৰ যেই সেই দুঢ়াৰ বিষয়ে চমু টোক। লিখা— ৫ ইন্দ্ৰজিত, পেৰাচুট, শ্ৰীধৰ, চিলাৰায়। ৫। (ক) দামোদৰ বিপ্ৰাখ্যানৰ পৰা কি শিক্ষা পোৱা যায়? ( নোট চোৱা ) (গ) তলত দিয়৷ শব্দ বিলাকৰ যেই সেই পাঁচোতাৰ অৰ্থ লিখা আৰু কোনটো কি পদ নিৰ্ণয় কৰা— DO টুকুৰীয়াই = আঙুলিৰে কোনো বস্তুত সৰু আঘাত কৰি; অসঃ ক্ৰিয়া। শৌয্য =বীৰত্ব; বিশেষ্য। অভিমান =ভেম, অহঙ্কাৰ; বিশেষ্য ধাম= পাৱত্ৰ ঠাই; বিশেষ্য। বছৰৰ সমষ্টি; বিশেষ্য। সৈন্তাধ্যক্ষ = সেনাপতি; বিশেষ্য। শতাব্দা = এশ = মুমূৰ্ষু = মৃত প্ৰায়, মৰাৰ তুল্য; বিশেষণ। ৬। (ক) যেই সেই ৬ টাৰ সন্ধি ভাঙা বা সন্ধি কৰা— প্ৰত্যাশ৷ বায়ুমী, শোকাৰ্ড, ততঃ+ভ্ৰষ্ট, নিঃ+ফল, পুনৰপি, তদ+হিত, জগত্ + মাল। 3