পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি। ৫। 'সুখ' পদ্যটিৰ সাৰাংশ লিখা। এই সংসাৰৰ সকলো মানুহ সুখ লাভৰ কাৰণে ব্যস্ত; কিন্তু সুখ বিচাৰি লব নজনাৰ কাৰণে সুখৰ সলনি দুখহে পায়। যিনে কেৱল নিজৰ স্বাৰ্থ নিজৰ সুখৰ কাৰণে হাবাথুৰি খাই ফুৰে, তেনে আপোন- পেটীয়া মানুহে সুখ নাপায়। কিন্তু যিজনে জগতৰ সকলো মানুহকে একেজন পৰম পিতাৰ সন্তান জানি সকলোকে আপোন ভাই-ভনী বুলি ভাবে, সকলে৷ অৱস্থাতে মনক সদায় থ্ৰি কৰি ৰাখে, সকলোৰে সুখৰ কাৰণে দুখ-কষ্ট গুচাবৰ কাৰণে যত্ন কৰে, নিজৰ স্বাৰ্থ ত্যাগ কৰিও পৰৰ উপকাৰ সাধে, তেৱেঁ সংসাৰৰ প্ৰকৃত সুখ লাভ কৰিব পাৰে। প্ৰত্যয় কাক বোলে আৰু কেইবিধ? প্ৰত্যেক বিধৰ একোটা উদাহৰণ দিয়া। ( ১৯৫২—সাধাৰণ খাপৰ ৭ (ক) নাইবা প্ৰশ্নৰ উত্তৰ চোৱা ) R S —নাইবা—‘ল’ ধাতু নিত্য বৰ্ত্তমান কালত আৰু 'ধৰ' ধাতু অপূৰ্ণ ভূত কালত তিনিও পুৰুষত ৰূপ লিখা। [[[9]]] সমাস কাক বোলে আৰু কেইবিধ? প্ৰত্যেক বিধৰ একো টাকৈ উদাহৰণ দিয়া। পৰস্পৰ সম্বন্ধ থকা দুই বা অধিক পদ লগ লগাই এক পদ কৰাকে সমাস বোলে। সমাস ঘাইকৈ ৬ বিধ ঃ— দ্বন্দ্ব— কৃষ্ণ আৰু অৰ্জুন = কৃষ্ণাৰ্জুন। বহুব্ৰাহি ঃ—গদা পাণিত যাৰ (তেওঁ) গদাপাণি। কৰ্ম্মধাৰয়— ৰঙা বি ফুল = ৰঙাফুল। তৎপুৰুষ – হাতেৰে সজা = হাতে-সজা (৩য়) তৎ)। দ্বিগু—সাত শাকৰ সমাহাৰ = সাত-শাক। অব্যয়ীভাৱ —বনৰ উপ (সমীপ) = উপবন। L - - 1 El তলত দিয়া বাক্যটোৰ প্ৰত্যেক পদ অন্বয় কৰা- হায়!- বুঢ়া গৰুটো ততালিকে মৰিল। —নাইবা— কৰ্ম্ম, কৰণ আৰু অধিকৰণ কাৰক কাক বোলে। প্ৰত্যেকৰ একোটাকৈ উদাহৰণ দি বুজাই দিয়া।