পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য সংগ্ৰহৰ চমু টোকা। (১৫) মুনিজন বা বৰ পাৰ্গত জনৰে৷ কেতিয়াবা ভুল হয়, পাহৰণ হয়। তেওঁ তেতিয়া একো লাজবোধ নকৰি আনক সোধে। লাজ এৰি নিজনৰ এই আৰ্হি গোৱা উচিত। এতেকে সকলোৱে (১৬) দোষীক দণ্ড দিy আৰু গুণীক পূজা কৰা উচিত। এৰি পূজালৈ ধাউতি হোৱা উচিত। (১৭) দেশ সুশৃঙ্খলাৰে চলিৰ কাৰণে ৰাইজেই চাইচিতি সিবিলাকৰ মা এজনক ৰজা পাতে; কিন্তু ৰজা বেয়। হলে ৰাইজেই ৰজা ভাঙে। আকৌ প্ৰজা শূন্য ৰজাৰ ৰাজপদৰো একো মূল্য নাই। গতিকে ৰজাৰ ৰাজপদ নিৰ্ভৰ কৰে প্ৰজাসকলৰ ওপৰতে; অৰ্থাৎ ৰাইজেহে ৰজা। আৰু মুক্তি হোৱা বুলিও বিশ্বাস কৰে স'চা, কিন্তু জ্ঞাতি হীন হলে মানুহ সমাজত থকাই বৃথা, একোতেই তাৰ মনত শান্তি নাথাকে। গতিকে জ্ঞাতিহে আচল গঙ্গ॥ গঙ্গাত ডুব মাৰি মানুহ শুচি হয়, সকলোৰে দণ্ড (১৮) এইটো কানীয়া এলেহুৱাৰ স্বভাৱ। যি মানুহে ৰাতি জুহালৰ গুৰিত পিছদিনা ৰাতিপুৱা পঠাৰত সাতখন হাল বোৱাৰ গপ মাৰে, সি এখন হালো বাব নোৱাৰে। কাৰণ সি টোপনিৰ পৰা বেলিকৈ উঠে, আৰু থাই বই সাজি কাজি কাচি ওলাওঁতেই তাৰ হাল বোৱা সময় অতীত হৈ যায়৷ কিন্তু পৰিশ্ৰমী মানুহে গপ নেমাৰে, কথা বেছি নকয় কামহে কৰে। এলেহুৱাই কথা বেছি কয়, কাম কম কৰে। (১৯) মূৰ্খ আৰু অহঙ্কাৰী মানুহেই হাতত, কণ এটি (চাউলৰ কণ, অলপ ধন) নোহোৱাকৈ বৰ সবাহ পাতিবলৈ মন কৰে। এনে আশা পূৰ্ণ নহয়। অনেক সময়ত হাঁহিয়াতৰ পাত্ৰ হয়। এতেকে হাতত আৱশ্যকীয় ধন সঞ্চয় নোহোৱকৈ (ধাৰ কৰি নহয়) কেতিয়াও ডাঙৰ কামত হাত দিব নালাগে। (২০) ৰাজ্যত পাপ হলে, অ্যায় অধৰ্মৰ বল বাঢ়িলে মানুহে সেইটো ক কলিৰ প্ৰভাৱ বুলি কয়। সেয়ে হলে সকলে। টুটি যায়; আনকি যাক মানুহে ভাল মানুহ বোলে, সিবিলাকেও দুখ দৰিদ্ৰৰ হেচাত বাইক ( বাক্য ) লৰাই মিছা অসত্য কবলৈ ধৰে।