পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
১০
সাহিত্য সংগ্ৰহৰ চমু টোকা।

আমি আমাৰ অতীতৰ বিফল কৰ্ম্মৰ অনুতাপ বিলাক আৰু জাৰৰ কুঁৱলীৰ নিচিনা (বসন্তৰ লগে লগে নাইকীয়া হয়) মনৰ বিষাদ শোকৰ সুৰ ঢালি উটুৱাই দিব লাগে।

 মুঠ কথা, অতীতৰ শোক বোৰ সকলো পাহৰি উৎসাহ আনন্দেৰে বৰ্ত্তমানৰ কামত ধৰিব লাগে—এয়ে ‘বসন্ত প্ৰভাত’ কবিতাৰ তাৎপৰ্য্য বা ভাবাৰ্থ।

সুখী লোক।

 সাৰ্থক = অৰ্থ আছে যাৰ (বহুব্ৰীহ); সফল। কবচ = শৰৰ ৰক্ষাৰ আৱৰণ : নৈপুণ্য =নিপুণতা; ( নিপুণ+ষ্ণ। দ্বেষ = শত্ৰুতা, হিংসা। তিলেক = তিল + এক; এতিল মান৷ সংশয় = ভয়। আছোক ধৰিব = ধৰা দূৰৰ কথা। অভ্যুদয় = অভি +উদয়; ভাগ্যোদয়, সৌভাগ্য। বিপুল = বেছি, অনেক। ধনিষ্ঠা ও = এধানমানো। খোছামোদ = তোষামোদ, লোকৰ প্ৰশসাভতি=ভয়। বিস্তৃতি=বি—ভূ+ক্তি; সম্পত্তি, ধন ঐশ্বৰ্য্য। পতন = , মৃত্যু ভয়। নিবলমে = কাকো নিৰ্ভৰ নকৰাকৈ ( কবিতাত সুখীলোক কাক বোলে, সুখীলোকৰ গুণ কি কি তাকে বৰ্ণনা কৰিছে। তন্ত্ত আমি কেইটামান কঠিন অংশৰ সৰল ভাঙনি দিলোঁ—যাতে ছাত্ৰ সকলৰ কবিতাটো বুজাত সহায় হয়। ) (১) হিংসাদ্বেষ ......নৰ প্ৰতি। যিজনৰ মনত হিংসা শত্ৰুতা আদি ভাব নাই, যি জন ইন্দ্ৰিয় বিলাকৰ অধীন নহয়, যিজনে নিজৰ সাধুতাৰ গুণেৰে কোনো মানুহকে ভয় নকৰে, তেওঁ সুখী। ঐষ্য। যিজনে হযশ, মান (2) যশস্য। শলাগ, ...দূৰতে পলায়। লাভ, শলাগ. সংসাৰৰ ভোগবিলাসলৈ আশা—এইবিলাকলৈ অলপো লোভ বা মন নকৰে, তেওঁ সুখী। (৩) দৈৱযোগে যদি নাই ভেদাভেদ। যদি কোনো জনৰ দৈবক্ৰমে সুখ সৌভাগ্য হয়, অথবা পাপৰ ধনৰ অধিকাৰী হয়, তথাপিও সিজনে