পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য সংগ্ৰহৰ চমু টোকা

 ২। স্বাৰ্থৰ বাটত দুখৰ কাঁইট.................কুসুম ফুলে।
এই কবিতাছোৱা সুখ পদ্যত পোৱা যায়। কবিয়ে এইখিনিত চমুকৈ সুখ আৰু দুখ পোৱাৰ কাৰণ দেখুৱাইছে। স্বাৰ্থই দুখ আৰু নিঃস্বাৰ্থই সুখ।
 কাঁইটীয়া বাটেৰে গ'লে মানুহক খোজে পতি হুলে বিন্ধে সেই দৰে কেৱল নিজৰ লাভ বিচাৰি ফুৰা কামতো নানা বাধা বিঘিনি আছে, পদে পদে দুখ পোৱা যায়। আকৌ দুয়ো কাষে সুগন্ধি ফুল ফুলা সেন্দুৰীয়া ৰঙা আলিত খোজ কাঢ়ি যি দৰে পথ কষ্টৰ সলনি সুখ আৰু আনন্দহে পোৱা যায়, তেনেকৈ দহৰ নিমিত্তে নিজৰ স্বাৰ্থ এৰি ফুৰা কামতো দুখৰ সলনি আনন্দ আৰু সুখহে পোৱা যায়।
 ইয়াত কবিয়ে স্বাৰ্থৰ কামক কাঁইটীয়া বাটৰ লগত আৰু নিঃস্বাৰ্থ ৰ কামক সেন্দুৰীয়া সুগন্ধি ফুল ফুলা বাটৰ লগত তুলনা কৰিছে।
 প্ৰশ্নঃ— কি কি উপায়েৰে মানুহে সুখ লাভ কৰিব পাৰে? সুখ পদ্যৰ পৰা চমুকৈ উত্তৰ দিয়া। .

—(•:•)—

বসন্ত প্ৰভাত।

 প্ৰভাত=ৰাতিপুৱা। আলোকি=পোহৰ কৰি। বিমান=আকাশী ৰথ। চুমিছে=চুমা খাইছে, ছুইছে (ক্ৰিয়া); ৰাজ-কাৰেং = ৰজাৰ অট্টালিকা, ৰাজপুৰী। বিহগ=বিহ —গম্‌+ড; চৰাই। নীৰৱ ভাষা= (নিঃ+ৰৱ); ফুটি নোলোৱা কথা। নিৰলা = নিৰ্জন ঠাই। প্ৰভু পৰশত = ঈশ্বৰে হাতেৰে ছোৱাত।
 (এই কবিতাটিৰ ভাব অলপ গহীন দেখি, অথচ তেনেই ব্যাখ্যা মূলক কঠিন কথা নোহোৱা দেখি গোটেই কবিতাটিৰে সহজ ভাঙনি দিয়া হল)।
 বসন্ত কালৰ ৰাতিপুৱাই সূৰ্য্যদেৱে সোণালী ৰথত উঠি আকাশ পোহৰ কৰি সোণৰ কাঁড় মাৰিলে, অৰ্থাৎ সোণালী কিৰণ দিলে। কাঁড়ে বিন্ধা হৰিণী নিমিষতে চকুৰ আঁৰ হৈ পলোৱাদি তৎক্ষণাত ৰাতিৰ আন্ধাৰ