নম্ৰ হোৱা উচিত।
সাৰাংশঃ—কবি নিজে কিমান সৰু, শক্তিহীন তাক এই দৰে
দেখুৱাইছে—মই মৰিলে জগতৰ কোনো হানি নহব, কেৱে গম নাপাব,
সকলোৰে সকলো কাম একেদৰে চলি থাকিব, একে নিয়মে জোন-বেলি
ওলাব, দিন-ৰাতি হব, ফুল ফুলিব, বতাহ বলিব, নক্ষত্ৰ ঘূৰিব। যদিহে
মই মৰিলে জগতৰ কোনো পৰিবৰ্ত্তন নহয়, তেন্তে মই জগতৰ কোনো
এটা ডাঙৰ অঙ্গ নহওঁ; অনন্ত বিশ্বৰ অসংখ্য ধূলিৰে (বস্তুৰ) নিচিনা
মইও এটা ধূলি কণা।
সুখ।
দিন কণা = দিনতে নেদেখা, মূৰ্খ, অজ্ঞান। স্বাৰ্থ=নিজৰ লাভ।
বলিদান = বলিদিয়া কাৰ্য্য, ত্যাগ, উছৰ্গা। সামৰথ = সমৰ্থ, ধন-বস্তু।
গাইগোট৷ পেটে ভঁড়াল = নিজৰ নিমিত্তে ভবা, স্বাৰ্থপৰ। তৰি = নাও।
বৰত = ব্ৰত, একান্ত নিয়ম। “ মই ” মোৰ ভাব=অহঙ্কাৰ আৰু আপোন
পেটীয়া ভাব। থিত=স্থিৰ, অচলঅটল। নিঃস্বাৰ্থ = নিজৰ লাভ এৰা।
যথাৰ্থ = যথা + অৰ্থ; আচল, প্ৰকৃত।
সহজ ব্যাখ্যাঃ–
১৷ সুখৰ দুখৰ মনেই কাৰণ------লোকৰ হিত।
এইখিনি কবিতা সুখ পদ্যত আছে। কবিয়ে কৈছে, মানুহৰ
মনটোৱে হৈছে সুখ দুখ দুয়োৰে কাৰণ। মনৰ কাম, ক্ৰোধ, লোভ,
মোহ 'আদি দুষ্ট প্ৰবৃত্তি বিলাকক দমাই ৰাখিব নোৱাৰিলে মানুহে নিশ্চয়
দুখ পায়; আৰু দমাব পাৰিলে সুখ পায়। এতেকে মনক থিৰকৈ
ৰাখিব৷ যাতে সেই প্ৰবৃত্তি বিলাকে মনক লৰাব ঘূৰাব নোৱাৰে। ভোগত
সুখ নাই; কাৰণ যিমানে ভোগ কৰা বিমানে সিমানে তাৰ হেঁপাহ বাঢ়িহে যায়,
টুটি নাহে, জীৱনত শেষ নহয়। কিন্তু ত্যাগত সুখ আছে, পৰম সন্তোষ
আছে; এতেকে লোকৰ উপকাৰত নিজৰ ধন প্ৰাণ সঁপি দিবা।