শুচি।
ঘুণ = দোষ, খুঁট। অনুতাপ = বেয়া কামৰপাছত কৰা শোক বা দুখ। মধুপৰ্ক =ঘিউ, মৌ, চেনি, দৈ, দুধ একেলগে মিহলোৱা উপহাৰ, পঞ্চামৃত। আচৰিলে= কৰিলে।
সহজ অৰ্থঃ– (১) চকু দিলে ৰই যায় = অতি সুন্দৰ।
(২) মৌ মাখিয়ে.......ক’ৰ পৰা.......হানি নাই। — মৌ মাখিয়ে বেয়া বস্তুৰ
পৰাও মৌ আনে। কিন্তু তাত একো হানি নাই; তাক কোনেও
নিঘিণায়, সি শুচি।
(৩) মন শুচি হয় অনুতাপ হ'লে। —বেয়া কাম কৰি যেতিয়া মনত অনুতাপ
আহে, তেতিয়া মন শুদ্ধ হয়, পৱিত্ৰ হয়; ভৱিষ্যতে সিজনে আৰু তেনে
কাম নকৰে।
(৪) ধন শুচি হয় দানে=দান কৰিলেহে ধনীৰ ধনৰ সাৰ্থকতা হয়,
সদ্ব্যৱহাৰ হয়। সেয়ে ধনৰ পৱিত্ৰতা।
সাৰাংশঃ—মুকুতা শামুকৰ পেটত জন্মে যদিও সি সুন্দৰ, পৱিত্ৰ;
মৌ মাখিয়ে ভাল বেয়া যি বস্তুৰ পৰায়ে মৌ আনক লাগিলে, সি পবিত্ৰ,
আনকি দেৱতাকো তাৰ দ্বাৰা পঞ্চামৃত দিয়া হয়। অনুতাপ কৰা
মানুহেইহে নিজৰ মনক শুচি কৰিব পাৰে; দান কৰিলেহে ধনৱন্তৰ ধন
শুচি বা সাৰ্থক হয়; লোকহিতকৰ কাম কৰিলেহে জনম সাৰ্থক বা
শৰীৰ শুচি হয়।
সেইদৰে যি মানুহ চিন্তাত, কথাত আৰু কামত শুচি, তেৱেই সাধু, তেৱেই পবিত্ৰ।
–- –•x•––
ধূলি কণা মই।
নীতিঃ—এই কবিতাৰে কবি অনন্ত বিশ্বৰ অসংখ্য ধূলি অৰ্থাৎ বস্তুৰ তুলনাত নিজক এটি ধূলি কণাৰে নিচিনা ক্ষুদ্ৰ বুলি প্ৰমাণ কৰি কিয় নম্ৰতা প্ৰকাশ কৰিছে। আমিও সেই দৰে গৰ্ব্ব অহঙ্কাৰ এৰি