সেৱা লহৰি।
প্ৰণতি=প্ৰ—নম্+ক্তি; প্ৰণাম। নতি = নম্+ক্তি; সেৱা, প্ৰণাম। সমূহ = ৰাজহুৱা, ৰাইজৰ, দেশৰ। উপযাচি=নোখোজাকৈ (দিয়া )। শাঁত=জুৰ, শীতল। যুটীয়া=দুই বা অধিকৰ সহযোগৰ কাৰ্য্য। কাজু = কৰ্মী। অঙ্গীকাৰ=প্ৰতিজ্ঞা। মৰিমুজি = প্ৰাণটাকি, মৰিপৰি। ফৈ = ডাঙৰ ৰছি। সৰব দলী = সকলোৰে দলন বা দমনকাৰী।
কবিতাৰ মুল কথাঃ—দেৱা লাহৰি = সেৱাৰ আবেগ।
এই সেৱা দেশৰ দেশবাসীৰ প্ৰকাৰান্তৰে বিশ্বৰ। এই দেশ সেৱা মানৱ
সেৱাকেই ধৰ্ম্ম জানি তাতেই আমি আত্ম-সমৰ্পণ কৰিব লাগে। হিয়াত
মৰম-প্ৰীতি আৰু নৈতিক বল লই নিজ সুখ এৰি, মনত অঙ্গীকাৰ কৰি
আৰু সকলোৰে এই একেটা উদ্দেশ্য, একেই সেৱা, একেই কৰ্ম, একেই
ধৰ্ম্ম জানি আৰু ‘একতাই মহৎ কৰ্ম্ম সাধনৰ উপায়' বুজি একতাৱদ্ধ হ'লে
আমি অতি ক্ষুদ্ৰ, শক্তিহীন হ'লেও নিশ্চয় দেশৰ দহৰ কল্যাণ সাধিব
পাৰিম। আমালৈ কবিৰ এয়ে উপদেশ।
সহজ অৰ্থঃ–
১। মাতৃলৈ পাতিছে৷ কান্ধ—দেশৰ কামত নিজক স’পি দিছোঁ।
২। ক্ষুদ্ৰ বালিকণ-------মহান্ কৰোঁ।—আমি প্ৰত্যেকে একোটা বালিৰ
কণিকাৰ নিচিনা ক্ষুদ্ৰ হলেও একতাৰে শক্তিশালী হৈ বিশ্বৰ কল্যাণ
সাধিব পাৰিম।
৩। এডালি দুডালি---------------হাতীকো ধৰি। — কেবা ডালো ফৈৰে জৰী
বাটি তাৰে হাতীকো বন্ধাৰ দৰে আমিও একতাৱদ্ধ হৈ দেশৰ মহৎ
কাৰ্য্য সাধিম।
—•:•– –