পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য সংগ্ৰহৰ চমু টোকা।

প্ৰশ্ন:–

 ১। বিজয় সঙ্গীত কবিতাটোৰ তাৎপৰ্য্য বা ভাবাৰ্থ লিখা।
 (মূল ভাব খিনি )
 ২। বিজয় সঙ্গীত কবিতাটো কাৰ উদ্দেশ্যে কিকাৰণে লিখিছে?
(ভাৰতৰ স্বাধীনতা যুদ্ধৰ বীৰ সকলক উদ্দেশ্য কৰি ভাৰতৰ স্বাধীনতাৰ কাৰণে উঠি পৰি লাগিবলৈ লিখিছে—চমুকৈ)।

— —X — —

নবযুগ।

 মেদিনী=পৃথিবী। ধাম =পুণ্যৰ ঠাই, তীৰ্থ স্থান, পীঠ। ৰাজে = জিলিকে। অৰুণ = সূৰ্য্য। অভিমান=ভেম, অহঙ্কাৰ। নিঃস্বাৰ্থ = স্বাৰ্থ বা লাভ নোহোৱা (বিশেষণ)। পুত=পৱিত্ৰ।
 কৱিতাৰ মূল কথা:― এই নবযুগ জগতৰ উন্নতিৰ যুগ, এই যুগত আমিও উন্নতি কৰিব লাগিব। তেহে আমি নিজৰ চিনাকী দিব পাৰিম। তাকে কৰিবলৈ হলে অতীতৰ সঙ্কীৰ্ণতা, নীচতা—যেনে, উচ্চ- নীচ, ডাঙৰ-সৰু, ধনী-দুখীয়া, জাতি ধৰ্ম্মৰ ভেদাভেদ আৰু ভুলধাৰণা (কুসংস্কাৰ), এলাহ অভিমান সকলোকে এৰি দেশৰ শিখ, জৈন, খ্ৰীষ্টিয়ান, হিন্দু, মুছলমাম সকলোৰে মহামিলন হব লাগিব; পৰস্পৰৰ প্ৰীতি ভাব হব লাগিব; আৰু মানৱৰ পূজাকেই দেৱতাৰ পূজা বুলি ধৰিব লাগিব।

 ইয়াত কৰিব কল্পনা এই যে, ৰাতি পুৱাৰ অৰুণ কিৰণে, মলয় পৱনে, সুগন্ধিফুলে আৰু চৰাইৰ গীতে মানুহক এই উন্নতিৰ কাৰ্য্যত লাগিবলৈ সোৱঁৰাই দিছে, উৎসাহিত কৰিছে।

— —:•:— —