পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
মই অসমীয়া

পথাৰ, যুদ্ধ ক্ষেত্ৰ। দেশ-প্ৰাণ=দেশেই প্ৰাণ যাৰ (বহুব্ৰীহি)। ধুসৰ =ধুৱঁলি বৰণৰ৷ জাংফাই=এবিধ গছৰ আঠা তাৰে কেৰু মণি কৰে। জাতিষ্কাৰ = উজ্বল। মৰকত = মূল্যবান মণি বিশেষ। থুৰিয়া =কাণৰ লতিত ফুটা দি পিন্ধা এবিধ অলঙ্কাৰ। সুৱাগী= গিৰিয়েকৰ প্ৰিয়। বিনন্দীয়া = আনন্দময়। নন্দন = স্বৰ্গৰ ফুলনি। বিহগ=বিহ – গম্ +ভ; শূন্য বা আকাশত গমন কৰে যি (উপপদ সমাস ); চৰাই। কিন্নৰ =কিৎ ( কুৎসিৎ ) + নৰ; এবিধ ক্ষুদ্ৰ অশ্ব মুখ সদৃশ নৰৰ আক্বতিৰে স্বৰ্গৰ গায়ক দেৱতা। বৰি= বৰণ কৰি, আদৰ কৰি (অসঃ ক্ৰিয়া )।

কবিতাৰ মূল ভাবঃ—

 (কবিতাৰ উদ্দেশ্য— অসমলৈ মোগল কিয় কেনেকৈ আহিল আৰু কিয় ইয়াত থাকি গ'ল—এই কথাও ইয়াতেই আছে। ):— কবিতা লিখক চৈয়দ আব্দুল মালিক মোগল বংশধৰ। কবিতাটো তেওঁ নিজৰ উক্তি হিচাবেই লিখিছে। তেওঁ অৰ্থাৎ তেওঁৰ পূৰ্বপুৰুষ সকল অসম জয় কৰিবলৈ আহি দেশ-প্ৰাণ অসমীয়া পুৰুষ-তিৰোতাৰ দেশ প্ৰেম, বল, বিক্ৰমৰ ওচৰত হাৰমানি আৰু অসমৰ প্ৰাকৃতিক ৰূপ সৌন্দৰ্যত, ধন সম্পদত মোহ গৈ ইয়াতেই ৰই গ'ল; আৰু এই দেশৰ সকলো প্ৰকাৰৰ স্বাৰ্থ, সুখ দুখ সকলোকে নিজৰ বুলি বৰণ কৰি ল'লে।

কবিতাৰ সহজ ভাঙনিঃ—

 যোগল সৈন্য সামন্ত আৰু ৰাজপুৰুষ আদিয়ে স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ এৰি পশ্চিম ভাৰতৰ পৰা অসম জয় কৰিবৰ উদ্দেশ্যেৰে বিজয়ৰ উজ্বল আশা বুকুত বান্ধি গঙ্গা-যমুনাৰে নাওভূৰ ভটিয়াই দি লুইতেৰে উজাই আহি লুইতৰ পাৰত জয়ধ্বনি কৰিলে।