পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাধা-ৰুক্মিণী

 বন্দী = প্ৰজাই ৰজাৰ আগত বা সৰুৱে ডাঙৰৰ আগত কথা কোৱাত ভয়-ভক্তিৰে নিজক সৰুটি দেখুৱাবলৈ বন্দী বুলি কয়৷ টেকেলা = চৰ, সাধাৰণ চন্তৰি। চাওডাং=ৰজাৰ হুকুমত শাস্তি, বিহোঁতা চন্তৰি বা পুলিছ৷ ‘লঘুপাপত গুৰু শাস্তি’ = সৰু দোষত ডাঙৰ দণ্ড। 'ফেঁটী সাপে কঁকালৰ কোব নাপাহৰা'—ফেঁটী সাপক কোনোবাই আঘাত কৰিলে সি তাক নাপাহৰে, সুযোগ পালেই আঘাতকাৰীক দংশন কৰি প্ৰতিশোধ লয়৷ বৃত্তান্ত = বিবৰণ। পতিপ্ৰাণা = পতিয়েই প্ৰাণ যাৰ (বহুব্ৰীহি ); স্বামীৰ প্ৰতি ভক্তি থকা, সতী৷ জৰ্জৰিত = অস্থিৰ, কাতৰ। বৰ ভেটি= “মোৱামৰীয়াই বন্ধা ওখ ভেট তাতে মহস্তই-সত্ৰ পাতিছিল)। লেৰেলা = দুৰ্ব্বল, শুকোৱা-খিনোৱা তিৰস্কাৰ = তিৰঃ + কাৰ; গালি শপনি। “খং জুইত ঘিঁউ ঢালা”—জ্বলি থকা জুইত ঘিঁউ ঢালি দিলে, যেনেকৈ সি বেছিকৈ জ্বলি উঠে, তেনেকৈ উঠি থকা খঙৰ ওপৰত খঙৰ দ্বিতীয় কাৰণ আহি পৰিলে সেই খঙৰ ভমক বেছি হয়। আলচ = আলোচনা, মনতে পাঙা। ব্যথিত দুঃখিত। উচটনি=উদগনি, ফুচুলনি৷ আক্ষেপ=আক্ৰোশ, খং “বেজাৰ। হৰ্ষ চিত্তেৰে = আনন্দিত মনেৰে। ফন্দিয়ক = ফন্দি বা কৌশল জনা, বুধিয়ক। প্ৰামৰ্শ=দিহা। পালি=সহকাৰী। হস্তে = নিমিত্তে (অব্যয়)। বীৰাঙ্গনা=বীৰ+অঙ্গনা, বীৰৰ ঘৈণী। বেশ =সাজ, পোছাক। অবিহনে=বিনে, নোহোৱাকৈ। কাম আৱশ্যক, সকাম। আঁচলত জীৱ বান্ধি=জীৱন উছৰ্গা কৰি, প্ৰাণ সঁপি দি। সতেৰে=মনেৰে, চিতেৰে। ভেটাভোট = লগ