পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সাহিত্য সংগ্ৰহৰ চমু টোকা

গম্+ক্তি; ওপৰলৈ উধোৱা, উন্নতি। সংসাৰ যাত্ৰী-বংসাৰ সকলোৰে মিলনৰ তীৰ্থক্ষেত্ৰ; তীৰ্থৰ কাম শেষ হ'লেই সকলোৱে ইয়াৰ পৰা গুচি যায়; এতেকে মানুহ মাত্ৰেই এই সংসাৰ তীৰ্থ ক্ষেত্ৰৰ যাত্ৰী৷ আৰি মাৰি=বান্ধ বা বন্দবস্ত থৈ, জিদ বা প্ৰতিজ্ঞা কৰি। একাণপতীয়া = এক—কাণ-পাত + ঈয়া; এটা বিষয়ত একমনে লগা। আওকণীয়া = আও—কাণ + ঈয়া; কাণ নপতা, মন নকৰা। দৃঢ় = টান, কঠিন। চঞ্চল = অস্থিৰ, অথিৰ মনৰ। জয় জয়তে= পোন প্ৰথমতে, আৰম্ভণিতে৷ উদ্যোগ=উৎ+যোগ, উৎসাহ। পটন্তৰ = ঊদাহৰণ। দুনাই =দ্বিতীয় বাৰ, পুনৰ, আকৌ। অধ্যৱসায় = পুনঃ পুনঃ চেষ্টা। আখ্যান=গল্প, সাধু৷ বিবুদ্ধি=নিৰুপায়, উপায় বুদ্ধি হেৰুওৱা। উৎকট = উগ্ৰ, বিষম।

প্ৰৱন্ধৰ মূল কথাঃ—

 ( ১ ) জীৱনৰ উন্নতি সাধিবলৈ কঠিন কাম কৰিব লাগে; তাত যত্ন আৰু কঠোৰ পৰিশ্ৰমৰ দৰ্কাৰ। প্ৰতিজ্ঞাই উদগতি পথৰ যাত্ৰীৰ এই শ্ৰমৰ ভয় দূৰ কৰে।

 (২) চঞ্চল মনৰ মাহৰ মনত প্ৰতিজ্ঞা নাই; সেই কাৰণে কোনো কাম এবাৰত সিদ্ধি নহলে তাক এৰি পেলায়, দুনাই তাত হাত নিদিয়ে।

 (৩) উন্নতি কামী মানুহে কৰ্মসিদ্ধি কৰিবলৈ মনত প্ৰতিজ্ঞা কৰি লয়; সেই কাৰণে তেওঁ বাৰম্বাৰ চেষ্টা কৰিও কৰ্ম সিদ্ধি কৰে।

 ( ৪ ) চৰাই মকৰা আদি জীৱ জন্তুৰ কামতো পুনঃ পুনঃ চেষ্টাৰ পটন্তৰ দেখা পোৱা যায়।