পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্মান

নকৰা, সন্মত নোহোৱা। সমিধান = উত্তৰ। সক্ৰিয় =ক্ৰিয়াৰে সৈতে যি (বহুব্ৰীহি—বিশেষণ); কাজে কামে। সহযোগিতা = সহায়তা, সাহায্য (বিশেষ্য)। পৰ পত্নী = আনৰ তিৰোতা। ষড়যন্ত্ৰ = ষড়—ছয়, মন্ত্ৰ—মন্ত্ৰণা, ছৰ বা কেবাজনে লগলাগি আনৰ অপকাৰ কৰিবলৈ কৰা গোপন মেল বা কৌশল। নীৰৱ = নিঃ+ ৰৱ; মাত বোল নোহোৱা। বিবৰ্ণ =বৰণ সলোৱা, ক’লা পৰা। ভ্ৰাতৃবিয়োগ—ভায়েকৰ মৃত্যু। সমাধিস্থল=কবৰৰ ঠাই, শ্মশান চক্ৰান্ত = চল-কৌশল। মুহ্যমান = মুহ + শান; কাতৰ, মৰাৰ তুল্য অভি সন্ধি =ফন্দি, অনিষ্টৰ চল-কৌশল। অভ্যৰ্থনা = মান-সন্মান, সেৱা-যত্ন। আহ্বান = আৱাহন, মতা। বিচলিত = অস্থিৰ, কাতৰ। আৱদ্ধ = বান্ধ খোৱা, বন্দী। যুক্ত আবেদন = সন্মিলিত প্ৰাৰ্থনা, একে লগে খোজা কোলাহল =হাই উৰুমি, চিঞৰ-বাখৰ। তিষ্ঠি=ৰই, জীয়াই। তৃষ্ণাতুৰ—তৃষ্ণা+আতুৰ; তৃষ্ণাৰে আতুৰ (৩য়া তৎ); পিয়াহত কাতৰ। ইতিবৃত্ত = পুৰণি বিবৰণ।

 প্ৰশ্ন:— ১। কাৰবালাৰ ঘটনাটো তোমাৰ কথাৰে চমুকৈ বৰ্ণণা কৰা।

 ২। মুছলমান সকলৰ ‘মহৰম' পৰ্ব্বৰ উদ্দেশ্য বৰ্ণণা কৰা৷

সন্মান

 পৰিদৃশ্যমান =চকুৰ আগত দেখা পোৱা। নাস্তিক = ঈশ্বৰ নমনা। বিচিত্ৰ = সুন্দৰ সুন্দৰ চিত্ৰযুক্ত; হুদৃশ্যময়, সুন্দৰ। ৰুচি = ইচ্চা, মন, হেঁপাহ। বিহ্বল = কাতৰ, অস্থিৰ। আৰোগ্য=ৰোগমুক্তি, বেমাৰ গুচা।